নিউজ ডেস্ক, ২২ এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ বেটচমেন গৌতম গম্ভীৰে দলটোৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক বুলি অভিহিত কৰে অনিল কুম্বলেক । গম্ভীৰে সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনীৰ প্ৰশংসা কৰে যদিও অনিল কুম্বলেক ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক বুলি অভিহিত কৰে ।
ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক অনিল কুম্বলেঃগৌতম গম্ভীৰ ক্ৰিকেটাৰ তথা বৰ্তমানৰ সাংসদ গম্ভীৰে কয় যে, অনিল কুম্বলেই ভাৰতীয় ক্ৰিকেট দলক প্ৰথম অৱস্থাৰ পৰাই নেতৃত্ব দিয়া হলে ভাৰতীয় ক্ৰিকেট দলৰ সকলো অধিনায়কৰ ৰেকৰ্ড ভংগ কৰিলেহেঁতেন বুলি মন্তব্য কৰে গৌতম গম্ভীৰে ।
ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক অনিল কুম্বলেঃগৌতম গম্ভীৰ এটি কথোপকথন অনুষ্ঠানত গম্ভীৰে কয় যে, "মহেন্দ্ৰে সিং ধোনী যদিও ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বশ্ৰষ্ঠ ৰেকৰ্ড কৰা অধিনায়ক কিন্তু মোৰ বাবে বৰ্তমানলৈকে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক অনিল কুম্বলে ।"
লগতে কয়. সৌৰভ গাংগুলীয়ে নিশ্চয়কৈ প্ৰশংসনীয় । কিন্তু এগৰাকী অধিনায়ক যাক মই বহু দিন ধৰি অধিনায়কৰ নেতৃত্ব চাব বিতাৰো সেইজন হৈছে অনিল কুম্বলে । সম্ভৱত মই অনিল কুম্বলেৰ সৈতে ছয়খন টেষ্ট-মেচ্ খেলিছিলো । তেতিয়া কুম্বলে ভাৰতীয় দলৰ অধিনায়ক নাছিল । কিন্তু যদি তেখেত দীৰ্ঘ সময় ধৰি ভাৰতীয় দল অধিনায় হৈ থাকিলে হয় তেন্তে বৰ্তমান পৰ্যন্ত সকলো ভাৰতীয় দলৰ অধিনায়কৰ ৰেকৰ্ড ভংগ কৰিলে হয় ।
উল্লেখ্য যে, অনিল কুম্বলে ২০০৭ চনত ৰাহুল দ্ৰাবিড় লগত থাকি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ শাসনভাৰৰ দায়িত্ব লয় । তেখেতৰ নেতৃত্বৰ সময়ছোৱাত মুঠ ১৪ খন টেষ্টৰ তিনিখনত জয়লাভ কৰে, ৬ খনত পৰাজয় হয় আৰু ৫ খন ড্ৰ হয় ।