অসম

assam

ETV Bharat / bharat

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্ত কুম্ভ মেলা

বিশ্বৰ সৰ্ববৃহৎ জনসমাগম ব্যৱস্থাপনা, বিশ্বৰ সৰ্ববৃহৎ অনাময় ব্যৱস্থা আৰু বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা চিত্ৰাংকন খিতাপত স্থাপন কৰে তিনিটাকৈ বিশ্ব অভিলেখ ৷

By

Published : Mar 4, 2019, 9:42 PM IST

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত কুম্ভ মেলা

নিউজ ডেস্ক, 4 মাৰ্চঃ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্ত হ'ল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা কুম্ভ মেলা ৷ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত কুম্ভ মেলা

ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ পৰা মাৰ্চ মাহৰ 3 তাৰিখলৈ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ চাৰিজনীয়া এটি দলে প্ৰয়াগৰাজত উপস্থিত থাকি সকলো কুম্ভ মেলা পৰিভ্ৰমণ কৰে ৷ পৰিভ্ৰমণ কালত দলটোৱে বিশ্ব অভিলেখৰ বাবে সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে দেওবাৰে অৰ্থাৎ 3 মাৰ্চত কুম্ভ মেলাক তিনিটাকৈ বিশ্ব অভিলেখৰ অধিকাৰী ঘোষণা কৰে ৷

সেই অনুসৰি, বিশ্বৰ সৰ্ববৃহৎ জনসমাগম ব্যৱস্থাপনা, বিশ্বৰ সৰ্ববৃহৎ অনাময় ব্যৱস্থা আৰু বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা চিত্ৰাংকন খিতাপত স্থাপন কৰে বিশ্বঅভিলেখ তিনিটা ৷

28 তাৰিখে কুম্ভ মেলাৰ জনসমাগমৰ যাতায়তৰ বাবে প্ৰায় 503খন বাছ, 1 মাৰ্চত বহুসংখ্যক লোকৰ দ্বাৰা ৰাজহুৱা চিত্ৰাংকন অনুষ্ঠান আৰু সমগ্ৰ কুম্ভ মেলাত প্ৰায় 10 হাজাৰৰো অধিক চাফাই কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল ৷ সাংস্কৃতিক মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই কথা ৷

জানুৱাৰী মাহৰ 14 তাৰিখৰ পৰা আৰম্ভ হোৱা এই মেলা চলিত মাহৰ 4 তাৰিখে অৰ্থাৎ সোমবাৰে অন্ত পৰিব ৷ সোমবাৰ অৰ্থাৎ আজিৰ মহাশিৱৰাত্ৰীৰ লগত সংগতি ৰাখি ষষ্ঠ আৰু অন্তিমটো ৰাজকীয় স্নান অনুষ্ঠিত হোৱাৰ লগে লগেই অন্ত পৰিব এই মেলাৰ ৷ বিগত বৰ্ষত ৰাজকীয় স্নানত প্ৰায় 22 কোটি ভক্তই অংশগ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details