অসম

assam

ETV Bharat / bharat

কৰ্ণাটকৰ পদত্যাগী বিধায়কৰ আৰক্ষী কমিচনাৰলৈ পত্ৰঃ " আমাক প্ৰয়োজনীয় সুৰক্ষা দিয়ক "

মুম্বাইস্থিত ৰেনেছা হোটেলত বাহৰ পাতি থকা কংগ্ৰেছ-জে দি ( এছ) মিত্ৰজোঁট চৰকাৰৰ 13 জনকৈ বিধায়কৰ মুম্বাইৰ আৰক্ষী কমিচনাৰলৈ পত্ৰ প্ৰেৰণ

By

Published : Jul 10, 2019, 9:54 AM IST

মুম্বাইত বাহৰ পাতি থকা পদত্যাগী বিধায়কৰ আৰক্ষী কমিচনাৰলৈ পত্ৰ

মুম্বাই, 10 জুলাইঃ ক্ৰমে অধিক জটিল হৈ পৰিছে কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতি । কিয়নো কংগ্ৰেছ-জে দি ( এছ) মিত্ৰজোঁট চৰকাৰৰ 13 জনকৈ বিধায়কে ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগে লগেই শাসনাধিস্থিত চৰকাৰ খনলৈ সংকট নামি আহিছে । ইতিমধ্যে এই বিধায়ক সকলে মুম্বাইস্থিত ৰেনেছা হোটেলত বাহৰ পাতি আছে । কিন্তু তাৰ মাজতে বিধায়ক কেইজনে মুম্বাইৰ আৰক্ষী কমিচনাৰলৈ লিখা এখন পত্ৰক কেন্দ্ৰ কৰি যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে । পত্ৰ খনত উল্লেখ থকা মতে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু জলসিঞ্চন মন্ত্ৰী ডি.কে শিৱকুমাৰে কাইলৈ তেওঁলোকক সাক্ষাৎ কৰিবলৈ হোটেল ৰেনেছালৈ আহিব যাৰ বাবে শংকিত হৈ পৰিছে সদ্য পদত্যাগী বিধায়ক কেইজন । লগতে এই ক্ষেত্ৰত যাতে আৰক্ষীয়ে তেওঁলোকক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে আৰু মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ লগতে ডি.কে শিৱকুমাৰক হোটেলৰ ভিতৰত প্ৰৱেশৰ অনুমতি নিদিয়ে সেই কথাও পত্ৰত উল্লেখ কৰিছে । এনে প্ৰেক্ষাপটত কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতি কোন ফালে ঢাল খাব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ।

মুম্বাইত বাহৰ পাতি থকা পদত্যাগী বিধায়কৰ আৰক্ষী কমিচনাৰলৈ পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details