অসম

assam

ETV Bharat / bharat

বৃহস্পতিবাৰৰ পৰা কৰ্ণাটকত অনুষ্ঠিত হ'ব SSLC পৰীক্ষা

SSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক। কোভিড-১৯ মহামাৰীৰ বাবে পূৰ্বে SSLC পৰীক্ষা স্থগিত ৰাখিবলগীয়া হোৱা হেতুকে ২৫ জুনৰ পৰা ৪ জুলাইলৈকে পুনৰ অনুষ্ঠিত হ'ব এই পৰীক্ষা।

কৰ্ণাটক
K'taka: Over 8.48 Lakh students to appear in SSLC exams tomorrow

By

Published : Jun 24, 2020, 7:45 PM IST

নিউজ ডেস্ক, ২৪ জুনঃ কাইলৈৰ পৰা কৰ্ণাটকত অনুষ্ঠিত হ'ব SSLC (Secondary School Leaving Certificate) পৰীক্ষা । মুঠ ৮,৪৮,২০৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব SSLC পৰীক্ষাত । ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বি শ্ৰীৰামুলুই বুধবাৰে প্ৰকাশ কৰে এই কথা ।

পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । লগতে, কনটেইনমেণ্ট জ'নত থকা ছাত্ৰ-ছাত্ৰীসকলে অধিক সাৱধানতা অৱলম্বন কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে স্বাস্থ্য়মন্ত্ৰীগৰাকী ।

SSLC পৰীক্ষাৰ বাবে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী এছ সুৰেশ কুমাৰে প্ৰায় সকলো পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰিছে । কোভিড-১৯ মহামাৰীৰ বাবে পূৰ্বে SSLC পৰীক্ষা স্থগিত ৰাখিবলগীয়া হোৱা হেতুকে ২৫ জুনৰ পৰা ৪ জুলাইলৈকে পুনৰ অনুষ্ঠিত হ'ব এই পৰীক্ষা ।

আনহাতে, ৰাজ্যখনত কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে নমুনা পৰীক্ষা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । কৰ্মচাৰী, বাণিজ্য ক্ষেত্ৰত লগত জড়িত লোক আন আন লোকসকলক ১৫ টা শাখাত ভাগ কৰি কোভিড-১৯ পৰীক্ষা কৰা উচিত বুলি উল্লেখ কৰে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী বি শ্ৰীৰামুলুই । এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টাস্ক ফৰ্চৰ সৈতে আগন্তুক সোমবাৰে এখন বৈঠকত বহিব বুলিও জানিবলৈ দিয়ে ।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যখনত মুঠ ৯,৭২১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । আনহাতে, এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ১৫০ গৰাকী ৰোগী।

ABOUT THE AUTHOR

...view details