অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ চিকিৎসালয়ত নিহত শিশুৰ সংখ্যা 102 লৈ বৃদ্ধি - Child Death at JK Lon Hospital

ৰাজস্থানৰ কোটা জিলাৰ জে কে লন হাস্পতালত বছৰটোৰ প্ৰথম দুদিনতে মৃত্যুক সাৱতি লয় দুটিকৈ শিশুৱে ৷ ইয়াৰ পিচতেই চিকিৎসালয়খনত নিহত শিশুৰ সংখ্যা 102 গৰাকীলৈ বৃদ্ধি পায় ৷

ৰাজস্থান কোটাত নিহত 102টা শিশু
ৰাজস্থান কোটাত নিহত 102টা শিশু

By

Published : Jan 2, 2020, 5:40 PM IST

নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃবছৰটোৰ প্ৰথম দুদিনতে ৰাজস্থানৰ কোটা জিলাৰ জে কে লন হাস্পতালত মৃত্যুক সাৱতি লয় দুটিকৈ শিশুৱে ৷ ইয়াৰ পূৰ্বেও চিকিৎসালয়খন নৱজাতকৰ মৃত্যু হৈছিল আৰু বিষয়টো লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস প্ৰদান কৰিছিল ৷ বছৰটো আৰম্ভনিতে দুটিকৈ নৱজাতকৰ মৃত্যুৱে এই পৰিসংখ্যা 102 লৈ বৃদ্ধি কৰে ৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সুৰেশ ডুলাৰাই এই কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ 2021ত ভাৰতৰ মিচন ‘গগণযান’

অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত তিনি দিনত চিকিৎসালয়খনত 8গৰাকীকৈ নৱজাতকৰ মৃত্যু হৈছিল ৷ অৱশ্যে চিকিৎসালয়খনৰ শিশু বিভাগৰ দায়িত্বত থকা অমৃতলাল বৈৰাৱাই ঘটনাটো অস্বীকাৰ কৰি এয়া চিকিৎসকৰ ভুল নহয়, কিন্তু অসুৰক্ষিত গৰ্ভধাৰণৰ বাবেই সংঘটিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ বিগত বৰ্ষত কোটা জিলাৰ এইখন চিকিৎসালয়ত নিহতৰ সংখ্যা আছিল 963 গৰাকী ৷ ইয়াক লৈ এখন কমিটী গঠন কৰা গৈছিল আৰু কমিটীখনে চিকিৎসালয়ত অক্সিজেন পাইপলাইনকে ধৰি প্ৰচণ্ড ঠাণ্ডাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছিল ৷

লগতে পঢ়কঃ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

উল্লেখ্য যে, চিকিৎসালয়খনত 23 আৰু 24 ডিচেম্বৰত 10গৰাকীকৈ নৱজাতকৰ মৃত্যু হৈছিল ৷ ঘটনাৰ পিচতেই ৰাজস্থানৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে কোটা জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য-শিক্ষা বিভাগৰ সচিবক ঘটনাৰ এক তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ ঘটনাক লৈ মুখ্যমন্ত্ৰী অশোক গেহলটে তদন্তৰ আশ্বাস প্ৰদান কৰি দোষীসকলক উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছিল ৷ ৰাজ্যখনৰ স্বাস্থ্য-শিক্ষা বিভাগৰ সচিব বৈভৱ গালেৰিয়াই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিকিৎসালয়খন পৰিভ্ৰমণ কৰি এক প্ৰতিবেদন দাখিল কৰিছিল ৷ ঘটনাক লৈ লোকসভাৰ অধ্যক্ষ তথা কোটা লোকসভা সমষ্টিৰ সাংসদ, ওম বিৰলাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শীঘ্ৰেই ঘটনাৰ উচিত তদন্ত দাবী কৰিছিল ৷

ABOUT THE AUTHOR

...view details