নেশ্যনেল ডেস্ক, 16 চেপ্তেম্বৰ: ৰাজস্থানৰ কোটাত বুধবাৰে ৰাতিপুৱা সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা ৷ কমলেশ্বৰ ধাম দৰ্শন কৰিবলৈ যোৱা 25-30 গৰাকী লোকৰ সৈতে কোটাৰ ইটাৱাত চম্বল নদীত নাওখন দুৰ্ঘটনাত পতিত হয় ৷ কমলেশ্বৰ ধামলৈ বুলি গৈ থকা অৱস্থাতে নাওখন দুৰ্ঘটনাত পতিত হয় ৷
যাত্ৰীৰে সৈতে চম্বল নদীত ডুব গ'ল নাও - চম্বল নদী
কমলেশ্বৰ ধাম দৰ্শন কৰিবলৈ গৈ নাও দুৰ্ঘটনাত পতিত হ'ল প্ৰায় 30 গৰাকী লোক ৷ 15 জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে যদিও প্ৰায় 14 গৰাকী লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ৰাজস্থানৰ কোটাৰ ইটাৱাত চম্বল নদীত নাওখন দুৰ্ঘটনাত পতিত হয় ৷
যাত্ৰীৰে সৈতে চম্বল নদীত ডুব গ'ল নাও
জানিব পৰা মতে দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱাইছে ৷ 15 জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে যদিও প্ৰায় 14 গৰাকী লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ জিলাধিকাৰী উজ্জ্বল ৰাথোৰ আৰু গ্ৰাম্য পুলিচ অধীক্ষক শাৰদ চৌধুৰীকে ধৰি শীৰ্ষ বিষয়াসকল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ কোৱা হৈছে যে কমলেশ্বৰ ধাম দৰ্শন কৰিবলৈ এইসকল লোকে নদী পাৰ হওতে এই দুৰ্ঘটনা সংঘটিত হয় ৷
লগতে পঢ়ক: একেদিনাই বজ্ৰপাতত মৃত্যু 24 গৰাকীৰ