অসম

assam

ETV Bharat / bharat

আজিৰে পৰা আৰম্ভ হ'ব ওড়িশাৰ কোনাৰ্ক মহোৎসৱ - ভাৰতনাট্যম

আজিৰ পৰা আৰম্ভ হ'ব ৩১ তম ওড়িশাৰ কোনাৰ্ক মহোৎসৱ ; য'ত ভাৰতৰ প্ৰায় সকলো শাস্ত্ৰীয় নৃত্যৰ লগত জড়িত নৃত্যশিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হ'ব ৷

Konark Festival, Sand Art Festival In Odisha To Kickstart From Dec 1
আজিৰে পৰা আৰম্ভ হ'ব ওড়িশাৰ কোনাৰ্ক মহোৎসৱ

By

Published : Dec 1, 2020, 5:20 PM IST

নেশ্যনেল ডেস্ক,1 ডিচেম্বৰ: ওড়িশাৰ এক বিশেষ উৎসৱ কোনাৰ্ক মহোৎসৱ ৷ য'ত মহা সূৰ্য মন্দিৰৰ সৈতে ধ্ৰুপদী নৃত্য প্ৰদৰ্শন কৰা হয় ৷ এইবাৰৰ কোনাৰ্ক মহোৎসৱ আৰু আন্তৰ্জাতিক চেণ্ড আৰ্টৰ দুটাকৈ অনুষ্ঠান আৰম্ভ হ'ব 1 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে ৷

সোমবাৰে প্ৰকাশ কৰা পৰ্যটন বিভাগৰ এক বিবৃতি অনুসৰি, ওড়িশা পৰ্যটন বিভাগে আয়োজন কৰা কোনাৰ্ক মহোৎসৱৰ এইবাৰ ৩১তম বৰ্ষ ৷ সন্ধিয়াৰ এক মুকলি পৰিৱেশত ইয়াক অনুষ্ঠিত কৰা হ'ব । এই অনুষ্ঠানত দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আকৰ্ষণীয় ভাৱে প্ৰদৰ্শন কৰা হ'ব ৷ ইয়াৰোপৰিও ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পাৰম্পৰিক আৰু শাস্ত্ৰীয় নৃত্যসমূহো প্ৰদৰ্শন কৰা হ'ব ।

ভাৰতৰ প্ৰায় সকলো শাস্ত্ৰীয় নৃত্যৰ লগত জড়িত নৃত্যশিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হ'ব ৷ য'ত ওড়িশা, ভাৰতনাট্যম, মণিপুৰী, কুচিপুড়ী আৰু কথক নৃত্যই পাঁচ দিনীয়া শাস্ত্ৰীয় নৃত্য সমাৰোহত অংশ গ্ৰহণ কৰিব ৷

COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো নিৰ্দেশনা তথা প্ৰট'কল অনুসৰণ কৰি অনুষ্ঠানটো আয়োজন কৰা হৈছে। এই দুই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ প্ৰায় ৭০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক :নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ABOUT THE AUTHOR

...view details