অসম

assam

ওড়িশাত কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ

By

Published : Dec 2, 2019, 10:49 AM IST

ওড়িশাৰ কোণাৰ্কত আয়োজন কৰা হৈছে কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ ৷ চন্দ্ৰভাগা সমুদ্ৰ তীৰত আৰম্ভ হৈছে এই সাংস্কৃতিক মহোৎসৱৰ ৷

ওড়িশা
কোনাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ

নেশ্যনেল ডেস্ক,2 ডিচেম্বৰ: 1 ডিচেম্বৰৰ পৰা ওড়িশাৰ কোণাৰ্কত আৰম্ভ হ'ল 30 সংখ্যক কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ ৷ কোণাৰ্ক ছান মন্দিৰৰ পৰা 3 কি. মি. নিলগৰ চন্দ্ৰভাগা সমুদ্ৰ তীৰত আৰম্ভ হৈছে এই সাংস্কৃতিক মহোৎসৱৰ ৷

কোনাৰ্ক মহোৎসৱ

2015 চনৰ পৰা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ওড়িশাৰ পদ্মশ্ৰী সন্মানপ্ৰাপ্ত বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ সহযোগত ওড়িশা পৰ্যটন বিভাগে আৰম্ভ কৰিছিল আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱৰ ৷ দেশ-বিদেশৰ প্ৰায় 123 গৰাকী শিল্পীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব ৷ আমেৰিকা,ৰাছিয়া, কানাডা,মেক্সিকো,স্পেইন,ছিংগাপুৰ,ন'ৰৱে,জাৰ্মানী,নেদাৰলেণ্ড আৰু শ্ৰীলংকাৰ শিল্পী উপস্থিত থাকিব এই মহোৎসৱত ৷

এই মহোৎসৱৰ জৰিয়তে বিশ্বৰ বিভিন্ন স্থানৰ পৰ্যটকক আকৰ্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ওড়িশা পৰ্যটন বিভাগে ৷ উল্লেখ্য যে,এই মহোৎসৱত শ্ৰেষ্ঠ বলুকা শিল্পীয়ে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ ৷

কোনাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ

আৰু পঢ়ক : ডেভিছ কাপ:পাকিস্তানৰ বিৰুদ্ধে বিজয় ধ্বজা উৰুৱাই গৃহভূমিলৈ প্ৰত্যাৱৰ্তন ভাৰতৰ

ABOUT THE AUTHOR

...view details