নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : বৰ্তমান বিশ্ব ক্ৰমবৰ্ধমান হোৱাৰ লগতে পৰিৱৰ্তন হৈছে, ইয়াৰ লগতে জলবায়ুও পৰিৱৰ্তন হৈছে ৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বিষয় ৷ গোলকীয় উত্তাপৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে একক ব্যৱহৃত প্লাষ্টিক ৷ একক ব্যৱহৃত প্লাষ্টিক আমাৰ বাবে অভিশাপ স্বৰূপ ৷ ভাৰত চৰকাৰ আৰু ৰাজ্যৰ চৰকাৰসমূহে একক ব্যৱহৃত প্লাষ্টিক নিষিদ্ধ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত কিছু পৃথক পৰিলক্ষিত হৈছে ৷
একক ব্যৱহৃত প্লাষ্টিকে প্ৰায় আৱৰি ধৰিছে কলকাতা চহৰ ৷ কিন্তু তাৰ মাজতো বাংগুৰ এভিনিউৰ দৰে কিছু ব্যতিক্ৰম দেখা গৈছে ৷ বাংগুৰ এভিনিউৰ বাসিন্দাসকলে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কাগজেৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰিছে ৷ পথৰ কাষৰ দোকানসমূহৰ ব্যৱসায়ীসকলেও প্লাষ্টিকৰ মোনা ব্যৱহাৰ নকৰে ৷ সাধাৰণ লোকসকল চৰকাৰী নিষেধাজ্ঞা সম্পৰ্কত যথেষ্ট সজাগ আৰু তেওঁলোকে প্ৰকৃততে ইয়াক অনুসৰণ কৰিছে ৷
কলকাতাৰ চুপাৰ মাৰ্কেটসমূহ হৈছে একক ব্যৱহৃত প্লাষ্টিকৰ অভিকেন্দ্ৰ স্বৰূপ ৷ কিন্তু আপুনি যদি বাংগুৰ চুপাৰ মাৰ্কেটত প্ৰৱেশ কৰে তাত একক ব্যৱহৃত প্লাষ্টিক বিচাৰি নাপায় ৷ পথৰ কাষৰ দোকান, মিঠাই দোকানকে আদি কৰি সকলোৱে কাগজেৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰে ৷