কলকাতা, 26 মাৰ্চ : এগৰাকী মহিলা, তেওঁৰ বান্ধবী আৰু চালকক গ্ৰেপ্তাৰ কৰিলে কলকাতা আৰক্ষীয়ে ৷ লক ডাউনৰ প্ৰট’কল ভাঙি গাডী চলাওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল মহিলাগৰাকীক ৷ সেই সময়তে মহিলা গৰাকীয়ে আৰক্ষীৰ আগত দৰৱ কিনিবলৈ যাও বুলি মিছা মাতে আৰু কৰ্তব্যৰত আৰক্ষীক গটা মাৰি কামুৰি দিয়ে ৷
কৰ্তব্যৰত আৰক্ষীক কামোৰাৰ বাবে আটক মহিলা - Kolkata Police Arrested Woman and her friend who bitten Police yesterday
আৰক্ষীক নিজৰ কৰ্তব্য কৰাত বাধা প্ৰদান কৰাৰ লগতে দুব্যৱহাৰ কৰে মহিলাগৰাকীয়ে ৷ গোটেই ঘটনাতো আৰক্ষীৰ কেমেৰাত বন্দী হৈ ৰয় ৷
কৰ্তব্যৰত আৰক্ষীক কামোৰাৰ বাবে আটক মহিলা
আৰক্ষীক নিজৰ কৰ্তব্য কৰাত বাধা প্ৰদান কৰাৰ লগতে দুব্যৱহাৰ কৰে মহিলাগৰাকীয়ে ৷ গোটেই ঘটনাতো আৰক্ষীৰ কেমেৰাত বন্দী হৈ ৰয় ৷ পৰৱৰ্তী সময়ত বিধান নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনাৰ সৈতে জড়িত থকা সমিস্থা দেবনাথ আৰু নিৰ্মলা বাল্মিকী লগতে চালকজনক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 186, 188, 296, 270, 506 আৰু 34ত মহিলাগৰাকীৰ লগতে তেওঁৰ বন্ধু আৰু চালকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷