নিউজ ডেস্ক, 17 মে‘: কলকাতাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত বহিঃৰাজ্যৰ বহু নাৰ্চে ধাৰাবাহিক ভাৱে পদত্যাগ কৰি উভতিছে স্ব-গৃহলৈ ৷ বিগত দুটা দিনত পশ্চিমবঙ্গৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত 354 গৰাকী নাৰ্চে পদত্যাগ কৰি উভতিছে নিজ নিজ ৰাজ্যলৈ ৷ যোৱা শুকুৰবাৰে কলকাতাত কৰ্মৰত মণিপুৰৰ 185 গৰাকী নাৰ্চে নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰি স্ব-গৃহলৈ উভতি যোৱাৰ পাছত শনিবাৰে পুনৰ কলকাতাৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত বহিঃৰাজ্যৰ 165 গৰাকী নাৰ্চে পদত্যাগ কৰি নিজৰ ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰে ৷
কলকাতাত পুনৰ বহিঃৰাজ্যৰ 169 গৰাকী নাৰ্চে পদত্যাগ কৰি উভতিল স্ব-গৃহলৈ - ব্যক্তিগত খণ্ডৰ চিকিৎসালয়
কলকাতাৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা পদত্যাগ কৰা নাৰ্চ সকলৰ ভিতৰত মণিপুৰৰ 92 গৰাকী, ত্ৰিপুৰাৰ 43 গৰাকী, উৰিষ্যাৰ 32 গৰাকী আৰু ঝাৰখণ্ডৰ দুই গৰাকী বুলি জানিব পৰা গৈছে ৷
কলকাতাত পুনৰ বহিঃৰাজ্যৰ 169 গৰাকী নাৰ্চে পদত্যাগ কৰি উভতিল স্ব-গৃহলৈ
তথ্য অনুসৰি, পদত্যাগ কৰা নাৰ্চ সকলৰ ভিতৰত মণিপুৰৰ 92 গৰাকী, ত্ৰিপুৰাৰ 43 গৰাকী, উৰিষ্যাৰ 32 গৰাকী আৰু ঝাৰখণ্ডৰ দুই গৰাকী ৷ নাৰ্চৰ এনে ধাৰাবাহিক পদত্যাগৰ ফলত এতিয়া ৰাজ্যখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়ক : নিৰ্মলা সীতাৰমণৰ সংবাদমেল