অসম

assam

ETV Bharat / bharat

ভাৰতত কৰ‘ণা ভাইৰাছ বিয়পাই দিয়া টবলিঘি জামাত, কিছু তথ্য - কৰ‘ণা ভাইৰাছ

টবলিঘি জামাত (Society for spreading faith) হৈছে এটা ছুন্নী ইছলামিক অ-ৰাজনৈতিক মিছনাৰী সংস্থা, যিয়ে নতুন দিল্লীত এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ এই জামাতেই এতিয়া ভাৰতত মাৰাত্মক কৰ‘ণা ভাইৰাছ বিয়পি পৰাৰ মুল উৎস হিচাপে চিহ্নিত হৈছে ৷

ভাৰতত কৰ‘ণা ভাইৰাছ বিয়পাই দিয়া টবলিঘি জামাত, কিছু তথ্য
ভাৰতত কৰ‘ণা ভাইৰাছ বিয়পাই দিয়া টবলিঘি জামাত, কিছু তথ্য

By

Published : Apr 2, 2020, 9:52 AM IST

নিউজ ডেস্ক, 2 এপ্ৰিলঃ টবলিঘি জামাত (Society for spreading faith) হৈছে এটা ছুন্নী ইছলামিক অ-ৰাজনৈতিক মিছনাৰী সংস্থা, যিয়ে নতুন দিল্লীত এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ এই জামাতেই এতিয়া ভাৰতত মাৰাত্মক কৰ‘ণা ভাইৰাছ বিয়পি পৰাৰ মুল উৎস হিচাপে চিহ্নিত হৈছে ৷

নতুন দিল্লীৰ নিজামুদ্দিন অঞ্চলত থকা এক মছজিদত এই জামাত অনুষ্ঠিত হৈছিল, য‘ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ 2000ৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল ৷ এই জামাত আন্দোলন 1927 চনত মহম্মদ ইলিয়াছ অল কান্ধলাৱীয়ে আৰম্ভ কৰিছিল ৷ 2010 চনত এই আন্দোলনত বিশ্বৰ 150 খনৰো অধিক দেশৰ প্ৰায় 80 মিলিয়ন লোক সংযুক্ত হৈ পৰিছিল ৷ এই টবলিঘি জামাতৰ মুল উদ্দেশ্যই হ‘ল, মুছলমানসকলৰ মাজত ইছলামৰ সোণালী ধাৰা বিয়পাই দিয়া ৷ মুছলমানসকলৰ মাজত মহম্মদে উল্লেখ কৰা ইছলামৰ ছটা মুখ্য ধাৰাক টবলিঘৰ দ্বাৰা সংযুক্ত কৰাটোৱে ইয়াৰ মুল উদ্দেশ্য় বুলি জৰ্জটাউন বিশ্ববিদ্যালয়ৰ বাৰ্কলে কেন্দ্ৰই এক প্ৰৱন্ধত প্ৰকাশ কৰিছিল ৷

টবলিঘি জামাতে সাধাৰণ মুছলমানসকলক বিভিন্ন ধৰ্মীয় প্ৰথা, পৰম্পৰাগত পোছাক আৰু ব্যক্তিগত আচৰণৰ দ্বাৰা প্ৰাথমিক ছুন্নী ইছলামলৈ প্ৰৱৰ্তন কৰিবলৈ আহ্বান কৰি আহিছে ৷ ইয়াক বিংশ শতিকাৰ ইছলামৰ অন্যতম শক্তিশালী ধৰ্মীয় আন্দোলন হিচাপেও জনা যায় ৷ এই জামাতৰ এটা অংশ ভাৰতৰ পৰাও পৰিচালিত হয় আৰু তামিলনাডুত থকা তেনে এক ধৰ্ম-প্ৰচাৰকৰ গোটে ভাৰতত ইয়াৰ আহ্বান কৰিছিল ৷ এই ধৰ্ম প্ৰচাৰকসকলে 40 দিনৰ এক যাত্ৰাত ওলাই স্থানীয় লোকসকলক নামাজ পঢ়িবলৈ উৎসাহিত কৰাৰ লগতে মছজিদলৈ আহিবলৈ আহ্বান জনায় ৷ ধৰ্ম-প্ৰচাৰকসকলে খুৰুজ নামে জনাজাত এক অনুষ্ঠানৰ দ্বাৰা এই অনুগামীসকলক আহ্বান জনায়, যিটো কিছু দিনৰ পৰা কিছু মাহলৈ চলে ৷

প্ৰায় 1500 লোকে ইছলামিক ধৰ্ম প্ৰচাৰকসকলে আহ্বান জনোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, যিসকলে ভাৰতত আহ্বান দনোৱা লকডাউনৰ সময়ত পশ্চিম দিল্লীৰ নিজামুদ্দিনত আৱদ্ধ হৈ আছিল ৷ বাকীসকলে নিজৰ নিজৰ স্থানলৈ উভটি গৈছিল আৰু ইয়ে ভাৰতত ব্যাপকৰূপে কৰ‘ণা ভাইৰাছ বিয়পি পৰাত সহায় কৰিছিল ৷ তেলেংগানাৰ কৰিমনগৰ অঞ্চলত থকা ইন্দোনেছিনাসকলকে ৰাজ্যখনত এই ভাইৰাছৰ মুল উৎস হিচাপে চিহ্নিত কৰাৰ লগতে তামিলনাডুৰ ইৰোড জিলাত থকাসকলক ৰাজ্যখনত ইয়াৰ মুল উৎস হিচাপে চিহ্নিত কৰা হৈছে ৷ বিদেশী ধৰ্মপ্ৰচাৰকসকল যিসকলে চেন্নাই, কান্ছিপুৰম আৰু থানজাভুৰত থকা মছজিদসমূহ ভ্ৰমণ কৰিছিল ৷ ইয়াৰ পিছতেই মাৰ্চৰ 16 তাৰিখে 10গৰাকী ইন্দোনেছিয়ানক হায়দৰাবাদৰ গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁলোকৰ অধিকাংশই নিজামুদ্দিনত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ দেহত মাৰাত্মক কৰ‘ণা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল ৷

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতেন্দ্ৰ জৈনৰ মতে, 24গৰাকী লোক বৰ্তমানেও মাৰ্কাজ অট্টালিকাত আছে আৰু তেওঁলোকক কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৷ ইয়াৰ উপৰিও এই অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকৰ 17টা নতুন ঘটনা অন্ধ্ৰপ্ৰদেশত পোহৰলৈ আহিছে ৷ সমগ্ৰ ঘটনাৰ পিচতে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এখন জৰুৰীকালীন সভা আহ্বান কৰি সমগ্ৰ অঞ্চলটো বন্ধ কৰি দিয়াৰ লগতে তাত থকা এশৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

নিজামুদ্দিনৰ টবলিঘি জামাতত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত জম্মু-কাশ্মীৰতো অধিকসংখ্যক লোক আক্ৰান্ত হৈছে কৰ‘ণা ভাইৰাছত ৷ ইয়াৰ ভিতৰত বহুতেই আছুতীয়াকৈ থকা নাই আৰু তেওঁলোকক বিচাৰি প্ৰশাসনে অভিযান আৰম্ভ কৰিছে ৷ জানিব পৰা অনুসৰি, চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকৰ এখন 50 পৃষ্ঠাযুক্ত তালিকা প্ৰস্তুত কৰিছে ৷

ABOUT THE AUTHOR

...view details