অসম

assam

By

Published : Aug 12, 2020, 9:24 AM IST

ETV Bharat / bharat

101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...

12 আগষ্টৰ দিনটোত ভাৰতবৰ্ষ আৰু মহাকাশ উদ্যোগে এজন বিশেষ লোকক শ্ৰদ্ধাৰে সোঁৱৰিছে ৷ সেই ব্যক্তিজন হৈছে ডঃ বিক্ৰম এ. ছাৰাভাই ৷ তেওঁ হৈছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ (ISRO) প্ৰতিষ্ঠাপক,বিজ্ঞানী,উদ্যোগপতি তথা দাৰ্শনিক ৷ আজিৰ দিনটো তেওঁৰ 101 সংখ্যক জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হৈছে ৷

12 আগষ্ট
বিক্ৰম ছাৰাভাইৰ 101 সংখ্যক জন্ম বাৰ্ষিকী

নেশ্যনেল ডেস্ক, 12 আগষ্ট :12 আগষ্টৰ দিনটোত ভাৰতবৰ্ষ আৰু মহাকাশ উদ্যোগে এজন বিশেষ লোকক শ্ৰদ্ধাৰে সোঁৱৰিছে ৷ সেই ব্যক্তিজন হৈছে ডঃ বিক্ৰম এ. ছাৰাভাই ৷ তেওঁ হৈছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ (ISRO) প্ৰতিষ্ঠাপক,বিজ্ঞানী,উদ্যোগপতি তথা দাৰ্শনিক ৷ আজিৰ দিনটো তেওঁৰ 101 সংখ্যক জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হৈছে ৷

বিক্ৰম ছাৰাভাইৰ 101 সংখ্যক জন্ম বাৰ্ষিকী

বিভিন্ন সন্মান দখলকাৰী ভাৰতীয় পদাৰ্থবিদজনক "ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ" হিচাপে জনা যায় ৷ তেওঁ বহু সংখ্যক প্ৰতিষ্ঠানৰ গঠন কৰিছিল ৷ আহমেদাবাদত পদাৰ্থ বিজ্ঞানৰ গৱেষণাগাৰ (PRL) প্ৰতিষ্ঠা কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

ছাৰাভাই আছিল এক সম্পত্তিশালী জৈন পৰিয়ালৰ সন্তান ৷ তেওঁৰ পিতৃ আম্বালাল ছাৰাভাই এজন উদ্যোগপতি আৰু গুজৰাটত তেওঁৰ বহু সংখ্যক সম্পত্তি আছিল ৷ আম্বালাল আৰু সৰলা দেৱীৰ আঠটা সন্তানৰ এজন আছিল বিক্ৰম ছাৰাভাই ৷

প্ৰভাৱ :

তেওঁ মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ,জে. কৃষ্ণ মূৰ্তি, মতিলাল নেহৰু,ভি. এছ. শ্ৰীনিবাস শাস্ত্ৰী,জৱাহৰলাল নেহেৰু,সৰোজিনী নাইডু. মৌলানা আজাদ,চি. এফ. এণ্ড্ৰিউজ আৰু চি. ভি. ৰমনৰ দৰে ব্যক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল ৷ তেওঁ ব্যক্তিসকলে প্ৰায়ে তেওঁৰ বাসগৃহলৈ গৈছিল,সেয়েহে বিভিন্ন দিশত তেওঁৰ আগ্ৰহ বাঢ়ি গৈছিল ৷

শিক্ষা :

ঘৰতে ভাতৃ-ভগ্নীসকলৰ সৈতে শিক্ষা লাভ কৰিছিল বিক্ৰম ছাৰাভাইয়ে ৷ পিতৃয়ে ঘৰতে নিৰ্মাণ কৰি দিছিল গৱেষণাগাৰ ৷ সৰু কালৰ পৰাই তেওঁৰ গণিত আৰু বিজ্ঞানৰ প্ৰতি বিশেষ ধাউতি আছিল ৷ ইয়াৰ পাচত আহমেদাবাদৰ গুজৰাট কলেজৰ পৰা তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল ৷ কলেজীয়া শিক্ষা সাং কৰি তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে ইংলেণ্ডলৈ উৰা মাৰে ৷ তাৰ পৰা তেওঁ প্ৰাকৃতিক বিজ্ঞানৰ পৰীক্ষাত উত্তীৰ্ণ হয় ৷

1947 চনত কেম্ব্ৰিজৰ কাভেনডিছ গৱেষণাগাৰৰ পৰা তেওঁ photofission (Cosmic Ray investigation in Tropical Latitudes)ত ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷

গৱেষণা :

তেওঁৰ মহাজাগতিক ৰশ্মিৰ ওপৰত বিশেষ ধাউতি আছিল ৷ সেয়েহে তেওঁৰ গৱেষণাত এনেধৰণৰ বস্তুবোৰে বেছি প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ Poona Central Metrological Stationত তেওঁ কিছু সময়ৰ বাবে মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা কৰিছিল ৷ পাচলৈ তেওঁ কাশ্মীৰত গৱেষণাৰ বাবে ঢাপলি মেলিছিল ৷ বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা ছাৰ চি. ভি. ৰমনৰ অধীনত তেওঁ মহাজাগতিক ৰশ্মি সম্পৰ্কত গৱেষণা আৰম্ভ কৰে ৷

কেম্ব্ৰিজৰ পৰা উভতি আহি তেওঁ আহমেদাবাদত এক গৱেষণাগাৰ আৰম্ভ কৰিছিল ৷ মহাজাগতিক ৰশ্মি আৰু অন্তৰীক্ষ সম্পৰ্কত ইয়াত অধ্যয়ন কৰিছিল ৷ 1955 চনত ছাৰাভাইয়ে কাশ্মীৰৰ গুলমাৰ্গত Physical Research Laboratory এটা কাৰ্যালয় উদ্বোধন কৰে ৷ সেই স্থানতে ভাৰত চৰকাৰৰ পাৰমানৱিক শক্তি বিভাগে এটা গৱেষণাগাৰ প্ৰতিষ্ঠা কৰে ৷

ভাৰতীয় মহাকাশ অভিযান :

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ (ISRO) নিৰ্মাণ তেওঁৰ সৰ্ববৃহৎ উপলব্ধি আছিল ৷ ৰাছিয়াৰ স্পুটনিকৰ প্ৰক্ষেপনৰ পাচত ভাৰতৰ দৰে ৰাষ্ট্ৰৰ বাবেও এক মহাকাশ অভিযানৰ কিমান প্ৰয়োজন আছে সেই সম্পৰ্কত চৰকাৰক সৈমান কৰোৱাত সফল হৈছিল ছাৰাভাই ৷

ভাৰতৰ নিউক্লীয় অভিযানৰ পিতৃ হিচাপে পৰিগণিত ডঃ হোমি জাহাংগীৰ ভাবাই ভাৰতৰ প্ৰথমটো ৰকেট প্ৰক্ষেপণ ষ্টেচন নিৰ্মাণত ডঃ ছাৰাভাইক সমৰ্থন জনাইছিল ৷ আৰব মহাসাগৰৰ উপকূলৰ থিৰুৱনন্থপুৰমৰ থুম্বাত এই চেন্টাৰ নিৰ্মাণ কৰা হৈছিল ৷

ইয়াৰ পাচতে 1963 চনৰ 21 নৱেম্বৰত প্ৰথমখন বিমানৰ উৰণ সম্পন্ন কৰা হৈছিল ৷ 1966 চনত নাছাৰ সৈতে ছাৰাভাইৰ বাৰ্তালাপৰ পাচতে 1975-1976 চনৰ ভিতৰত Satellite Instructional Television Experiment (SITE) ৰ আৰম্ভণি কৰা হয় ৷ ইতিমধ্যেই ছাৰাভাইৰ পৰলোকপ্ৰাপ্তি ঘটিছিল ৷

ডঃ ছাৰাভাইৰ প্ৰচেষ্টাৰ ফলতে 1975 চনত ৰাছিয়াৰ কছম'ড্ৰমৰ পৰা ভাৰতৰ প্ৰথমটো ছেটেলাইটৰ প্ৰক্ষেপণ কৰা হৈছিল ৷

লগতে পঢ়ক :বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা

ABOUT THE AUTHOR

...view details