নিউজ ডেস্ক, 24 এপ্ৰিলঃ প্ৰায় এমাহৰ পৰা আমাৰ সকলোৰে পৰিচিত শব্দ এটা হৈছে সামাজিক দুৰত্ব । কেৱল পৰিচিত শব্দই নহয়,বৰ্তমান সময়ৰ জীৱন ৰক্ষাৰ অংগ হৈ পৰিছে এই শব্দটো । কাৰণ,কৰ'ণা ভাইৰাছ ৰোধৰ অন্যতম উপায় হিচাপে মানি চলিব লাগে সামাজিক দুৰত্ব । সেয়ে আমি সকলোৱে মানি চলো সামাজিক দুৰত্ব । কিন্তু বহু বছৰ পূৰ্বৰে পৰা এটা সম্প্ৰদায়ে পৰম্পৰাগতভাৱে ভাৱে মানি আহিছে এই নিয়ম ।
ঝাৰখণ্ডত বাস কৰা চান্থালিনামৰ সম্পদায়টোৰ পৰম্পৰা হৈছে সামাজিক দুৰত্ব ৰক্ষা । তেওঁলোকৰ এই অনুশীলনৰ নাম "দুবু জোহাৰ"।
যেতিয়া এই সম্প্ৰদায়টোৰ ঘৰলৈ আলহী আহে,তেতিয়া ঘৰৰ মহিলাসকলে আদৰণি জনায় আৰু বাহিৰত আসনৰ ব্যৱস্থা কৰে । তাৰ পাচতেই এটা পাত্ৰত পানী দিয়ে আৰু হাত ভৰি ধুই ল'বলৈ দিয়ে । যেতিয়ালৈ হাত-ভৰি ধোৱা কাৰ্য সম্পন্ন নহয়,তেতিয়ালৈ অতিথি আৰু পৰিয়ালৰ লোকৰ মজত দৈহিক স্পৰ্শ নহয়। ভৰি হাত ধোৱাৰ পাচতহে আলহীক ঘৰত প্ৰৱেশ কৰিব দিয়া হয় ।
নৰেন হাচান্দা নামৰ এজন শিক্ষাবিদে কয় যে,তেওঁলোক জনজাতীয় সম্প্ৰদায় । তেওঁলোক বনাঞ্চলত বাস কৰে,য'ত বহু কিল'মিটাৰ দূৰ খোজকাঢ়ি যাব লাগে । সেয়ে তেওঁলোকে কোনো লোক ঘৰলৈ গ'লে ঘৰত সোমোৱাৰ পূৰ্বে ভৰি হাত ধুবই লাগে আৰু নোধোৱালৈ কোনেও স্পৰ্শ নকৰে ।
লগতে পঢ়কঃবিমান সেৱাত জড়িত ২৯ লাখ চাকৰিয়াললৈ ভাবুকিঃ IATA