নিউজ ডেস্ক, 11 জুলাই :পুৱাৰ সময় ৷ ক্লান্তিৰে ভৰা গভীৰ নিদ্ৰাত মগ্ন সকলো ৷ এই সকল যেন সেই শান্তিৰ টোপনি ভংগকাৰী ৷ কেতিয়াবা খিৰিকীত টুকৰীয়াই, কেতিয়াবা আকৌ চাইৰেন বজাই টোপনি ভাঙি আঁতৰি যায় ৷ তাৰ মাজতে কোনোৱে আকৌ চকু মোহাৰি মোহাৰি খিৰিকীৰে গালি-গালাজ দিছে তেওঁক ৷ কিন্তু তাতে কি ? এয়াইতো তেওঁলোকৰ কৰ্ম ৷
হয়,তেতিয়া বিদ্যুৎ,প্ৰযুক্তি,এলাৰ্ম ঘড়ী এইবোৰ সহজলভ্য হোৱাই নাই ৷ সেই সময় অৰ্থাৎ বিংশ শতিকাৰ আৰম্ভণিত টোপনি ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছিল এনে লোকক ৷ তেওঁলোকক নকাৰ আপ্ বা নকাৰ আপাৰ বুলি মতা হৈছিল ৷
বিংশ শতাব্দীৰ আৰম্ভণিৰ দশক
ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ শিল্প বিপ্লৱৰ সময় ৷ তেতিয়া কল-কাৰখানা সমূহৰ কাম কাজ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে ৷ বাঢ়ি গ'ল দিন হাজিৰা কৰা শ্ৰমিকৰ সংখ্যাও ৷ সদায় দোকমোকালিতে আৰম্ভ কাম, কেতিয়াবা আকৌ শ্বিফ্ট ডিউটি ৷ কামলৈ নগ'লে কঠোৰ ব্যৱস্থা লৈছিল কতৃপক্ষই ৷ অলপ ইফাল সিফাল হ'লেই হাতত তুলি দিছিল কামৰ পৰা অব্যাহতিৰ পত্ৰ ৷ বহু শ্ৰমিকৰ নাছিল ঘড়ী কিনাৰ সামৰ্থও ৷ এনে পৰিস্থিতিত শিল্প উৎপাদনৰ নানা কামত নিয়োজিত লোকে চহৰৰ কেইজনমান লোকক এই কামত নিয়োগ কৰিলে ৷ কামটোও বহু গুৰুত্বপূৰ্ণ ! যথা সময়ত টোপনিৰ পৰা জগাই দিব লাগিব ৷ পাচলৈ এই কাম পেচালৈ পৰিণত হ‘ল ৷ এই টোপনি ভঙা মানুহজনৰ নাম হৈ যায় নকাৰ আপাৰ ৷ কেৱল টোপনিৰ পৰাই উঠাই দিয়াই নহয়, শ্ৰমিক সকলৰ কামৰ সময় পৰিৱৰ্তন হলেও সেই পৰিৱৰ্তিত সময়ত আহিও তেওলোকক জগাই দিয়া কামো কৰে এই সকল নকাৰ আপাৰ সকলে ৷