নিউজ ডেস্ক,৩০ জুনঃ পুনৰ এবছৰৰ বাবে ভাৰতৰ এটৰ্নী জেনেৰেল (Attorney General) হিচাবে সোমবাৰে নিযুক্তি দিয়ে কে কে বেণুগোপালক । তেখেতৰ পূৰ্বৰ তিনি বছৰৰ কাৰ্যকাল ৩০ জুনত সমাপ্ত হোৱাৰ কথা আছিল যদিও তাৰ পূৰ্বেই সোমবাৰে পুনৰ ১ এবছৰৰ বাবে নিযুক্তি দিয়ে বেণুগোপালক।
পুনৰ এবছৰৰ বাবে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি কে কে বেণুগোপাল আনহাতে, এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি পুনৰ এবছৰৰ কাৰ্যকালৰ বাবে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে অধিবক্তা কে কে বেণুগোপালৰ নিযুক্তিত সন্তুষ্টি প্ৰকাশ কৰে ৰাষ্ট্ৰপতিয়ে ।
ইয়াৰ উপৰিও তুষাৰ মেহতাক আগন্তুক তিনি বছৰৰ বাবে অৰ্থাৎ পৰৱৰ্তী আদেশ পৰ্যন্ত পুনৰ ভাৰতৰ ছলিছিটৰ জেনেৰেল হিচাপে নিযুক্তি দিয়ে বুলি সদৰি কৰে । তাৰোপৰি বিশিষ্ট অধিবক্তা চেতন শৰ্মাক দিল্লী উচ্চ ন্যায়ালয়ৰ বাবে অতিৰিক্ত ছলিছিটৰ জেনেৰেল (ASG)হিচাপে নিযুক্তি দিয়ে ।
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডল নিয়োগ কমিটিয়ে পাঁচ গৰাকী অতিৰিক্ত ছলিছিটাৰ জেনেৰেল হিচাপে উচ্চতম ন্যায়ালয়ত ৩ বছৰৰ বাবে নিযুক্তি দিয়ে । তাৰোপৰি কমিটিখনে উচ্চতম ন্যায়ালয়ৰ বাবে পাঁচটাকৈ অতিৰিক্ত ছলিছিটাৰ জেনেৰেলৰ নিযুক্তি দিয়ে । কলকাতা উচ্চ ন্যায়ালয়ৰ বাবে ইয়েজদেজাৰ্জ জাহাংগী দস্তুৰ, দিল্লীৰ উচ্চ ন্যালায়ৰ বাবে চেতন শৰ্মা, মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ বাবে আৰ শংকৰ নাৰায়ণ, পাটনাৰ উচ্চ ন্যায়ালয়ৰ বাবে ডাঃ কৃষ্ণ নন্দন সিং আৰু গুজৰাট উচ্চ ন্যায়ালৰ বাবে দেবাংগ গিৰীশ ব্যাস ।
লগতে চাওকঃ শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী