অসম

assam

ETV Bharat / bharat

কাৰ্যালয়ত যোগদান কিৰেণ ৰিজিজুৰ, অনুসৰণ কৰিব COVID-19 ৰ সকলো নিৰ্দেশাৱলী - ভাৰতীয় ক্ৰীড়া পৰিষদৰ কাৰ্যালয়

COVID-19 আতংকৰ মাজতে কাৰ্যালয়ত যোগদান কিৰেণ ৰিজিজুৰ ৷ সকলো নিৰ্দেশাৱলী মানি চলিব বুলি জানিবলৈ দিয়ে ক্ৰীড়ামন্ত্ৰী গৰাকীয়ে ৷

অনুসৰণ কৰিব COVID-19 ৰ সকলো নিৰ্দেশাৱলী
কাৰ্যালয়ত যোগদান কিৰেণ ৰিজিজুৰ

By

Published : Apr 13, 2020, 5:09 PM IST

নেশ্য়নেল ডেস্ক, 13 এপ্ৰিল : COVID-19 ৰ ফলত দেশৰ প্ৰায়সংখ্যক ৰাজনৈতিক নেতা তথা উচ্চপদস্থ বিষয়-ববীয়াই নিজ নিজ গৃহৰ পৰা কাৰ্যালয়ৰ দায়িত্ব পালন কৰি থকাৰ সময়তে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে সোমবাৰে নিজ কাৰ্যালয়ত যোগদান কৰে ৷ কাৰ্যালয়ত যোগদান কৰি তেওঁ কয় যে, COVID-19 প্ৰতিৰোধৰ বাবে প্ৰদান কৰা সকলোবোৰ নিৰ্দেশাৱলী অনুসৰণ কৰিব আৰু কিছু সংখ্যক জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীৰে কাৰ্যালয়ৰ সকলো কাম পৰিচালনা কৰিব ৷

ভাৰতীয় ক্ৰীড়া পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "আজিৰ পৰা কিছু সংখ্যক জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীৰে কাৰ্যালয়ৰ সকলো কাম চলোৱা হ'ব ৷ COVID-19 প্ৰতিৰোধৰ বাবে প্ৰদান কৰা সকলোবোৰ নিৰ্দেশাৱলী আমি মানি চলিম ৷"

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতি সম্পৰ্কত তেওঁ কয় যে, সকলোৱে সামাজিক দূৰত্ব মানি চলিছে, উত্তৰ-পূৰ্বাঞ্চলৰ লোক সজাগ আৰু লকডাউন অনুসৰণ কৰিছে ৷

উল্লেখ্য যে, COVID-19 ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে 24 মাৰ্চত 21 দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰিছিল ৷

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য় অনুসৰি, যোৱা 24 ঘন্টাত দেশত নতুনকৈ 796 জন লোক আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 9,152 লৈ বৃদ্ধি পালে ৷

ABOUT THE AUTHOR

...view details