নিউজ ডেস্ক, ২১ এপ্ৰিলঃৰাষ্ট্ৰপতি ভৱন পৰিসৰত বাস কৰা ২৫টাকৈ পৰিয়ালক পৃথকে আছুতীয়কৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে । কিয়নো ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ সম্পৰ্কীয়ৰ দেহত ইতিমধ্যে ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি । চৰকাৰী সূত্ৰই সোমবাৰে নিশাৰ ভাগত এই কথা স্পষ্ট কৰিছে ।
ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে কিছুদিন পূৰ্বে এক অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিছিল । ৰাষ্ট্ৰপতি ভৱনৰ ইষ্টেট কোৱাৰ্টাৰত বাস কৰা ব্যক্তিগৰাকী কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল আৰু তেওঁৰ অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিছিল কৰ্মচাৰীগৰাকীয়ে । পৰৱৰ্তী সময়ত অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰীগৰাকীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে । ইয়াৰ পিচতেই ব্যক্তিগৰাকীক বিৰলা মন্দিৰ পৰিসৰত থকা পৃথক আছুতীয়া কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।
যিগৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ৰ উপস্থিতি পোৱা গৈছে তেওঁৰ পৰিয়ালৰ লগতে, সেই পৰিসৰত বাস কৰা ২৫টা পৰিয়ালক পৃথকে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে । তেওঁলোক আটাইকে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে । অৱশ্যে যিগৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ৰ উপস্থিতি পোৱা গৈছে, ৰাষ্ট্ৰপতি ভৱনৰ সৈতে তেওঁৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি জানিব পৰা গৈছে ।