অসম

assam

ETV Bharat / bharat

শিশুৰ মুক্তিৰ বিনিময়ত অপহৰণকাৰীৰ বৃহৎ মুক্তিপন দাবী - মুৰাদাবাদৰ জিলা আৰক্ষী অধীক্ষক

উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাত সংঘটিত হৈছে এটি শিশুৰ অপহৰণৰ ঘটনা । জিলাখনৰ লাইনপাৰাত ঘৰৰ বাহিৰত খেলি থকা অৱস্থাত অপহৰণকাৰীয়ে এটি শিশু অপৰহণ কৰি শিশুটিৰ মুক্তিৰ বিনিময়ত পৰিয়ালক দাবী কৰিলে বৃহৎ মুক্তিপন ।

Kidnappers demand ransom after abducting boy in UP
এটি শিশুৰ মুক্তিৰ বিনিময়ত উত্তৰ প্ৰদেশত অপহৰণকাৰীৰ বৃহৎ মুক্তিপন দাবী

By

Published : Aug 8, 2020, 6:54 PM IST

নিউজ ডেস্ক, ৮আগষ্ট: শুক্ৰবাৰে মুৰাদাবাদ জিলাৰ এটি অঞ্চলৰ পৰা এটি ৫বছৰীয়া শিশু অপহৃত হৈছে । ঘৰৰ বাহিৰত খেলি থকা অৱস্থাৰ পৰাই অপহৰণকাৰীয়ে উঠাই নিয়ে শিশুটিক । ঘটনাটো সংঘটিত হৈছে মজৌলা আৰক্ষী থানাৰ অন্তৰ্গত লাইনপাৰা অঞ্চলত ।

শিশুটিক উদ্ধাৰৰ বাবে ইতিমধ্যে আৰক্ষীয়ে এটা দল গঠন কৰি অপহৰণকাৰীক কৰায়ত্ত কৰাৰ লগতে শিশুটিক উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে অভিযান । অপহৰণকাৰী দলে শিশুটিৰ মুক্তিৰ বিনিময়ত পৰিয়ালক দাবী কৰিছে ৩০ লাখ টকাৰ মুক্তিপন ।

শিশুৰ মুক্তিৰ বিনিময়ত উত্তৰ প্ৰদেশত অপহৰণকাৰীৰ বৃহৎ মুক্তিপন দাবী

নিৰুদ্দেশৰ পিছত পৰিয়ালে শিশুটিক বিচাৰ খোচাৰ আৰম্ভ কৰাৰ মাজতে অপহৰণকাৰীয়ে ফোন যোগে অপহৰণৰ কথা কৰিলে অৱগত । তাৰোপৰি অপহৰণকাৰীয়ে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত নকৰিবৰ বাবেও ফোনতে দিলে সকীয়নি ।

শিশুৰ মুক্তিৰ বিনিময়ত উত্তৰ প্ৰদেশত অপহৰণকাৰীৰ বৃহৎ মুক্তিপন দাবী

মুৰাদাবাদৰ জিলা আৰক্ষী অধীক্ষক প্ৰভাকৰ চৌধুৰী শিশুটিৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ সবিশেষ অধ্যয়নৰ লগতে শিশুটিক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰাৰ কথা সগৰি কৰিলে ।

ABOUT THE AUTHOR

...view details