অসম

assam

ETV Bharat / bharat

পৰীক্ষাৰ পৰিৱৰ্তে 'মন কি বাত'ত খেলৰ চৰ্চাঃ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া - মহামান্য উচ্চতম ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মন কি বাত অনুষ্ঠানত NEET আৰু JEE পৰীক্ষা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰাৰ বাবে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া ৷ টুইটযোগে প্ৰকাশ কৰিছে এই মন্তব্য ৷

'Khilone Pe Charcha' instead of 'Pariksha Pe Charcha': Rahul Gandhi's jibe at PM Modi
পৰীক্ষাৰ পৰিৱৰ্তে 'মন কি বাত' অনুষ্ঠানত খেল বিষয়ত চৰ্চাৰ বাবেই ৰাহুল গান্ধীৰ প্ৰতিক্ৰীয়া

By

Published : Aug 30, 2020, 9:04 PM IST

নিউজ ডেস্ক, 30 আগষ্ট :দেওবাৰে ৰেডি'অ যোগে সম্প্ৰচাৰ হোৱা 'মন কি বাত'অনুষ্ঠানতNEET আৰু JEE পৰীক্ষা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক টুইটযোগে প্ৰকাশ কৰিছে এই মন্তব্য ৷

ছেপ্তেম্বৰত NEETআৰু JEE ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু ক'ভিড-19 ৰ বাবে পৰীক্ষা স্থগিত কৰাৰ দাবী উখাপন কৰিছিল বিৰোধী দলৰ বহুতো মন্ত্ৰী, বিধায়কে ৷ আনকি, কৰ'ণা মহামাৰীৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিৰোধী 6 খন ৰাজ্যৰ মন্ত্ৰীয়ে ৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ'মন কি বাত'অনুষ্ঠানত প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰাৰ বাবে ক্ষোভ উজাৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

আনহাতে, ৰাহুল গান্ধীৰ টুইট অনুসৰি, প্ৰধানমন্ত্ৰীয়ে দেওবাৰৰ অনুষ্ঠানত পৰীক্ষাৰ পৰিৱৰ্তে খেলৰ বিষয়ে মন্তব্য প্ৰদান কৰিছে ৷ কিন্তু বৰ্তমান সময়ত খেলৰ পৰিৱৰ্তে NEET আৰু JEE ৰ পৰীক্ষা সন্দৰ্ভত মন্তব্য প্ৰদান কৰাৰ প্ৰয়োজন আছিল বুলি ৰাহুল গান্ধীয়ে মন্তব্য প্ৰদান কৰিছে ৷

উল্লেখ্য যে, 20 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া NEET আৰুJEEৰ প্ৰৱেশ পৰীক্ষা স্থগিত কৰিবলৈ বিৰোধী দলৰ মন্ত্ৰীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ উক্ত আবেদনৰ পিচতে মহামান্য উচ্চতম ন্যায়ালয়ে 17 আগষ্টত প্ৰৱেশ পৰীক্ষা স্থগিত কৰাৰ আবেদন খাৰিজ কৰিছিল ৷

লগতে পঢ়ক : অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী

ABOUT THE AUTHOR

...view details