অসম

assam

By

Published : Jul 31, 2020, 1:45 PM IST

ETV Bharat / bharat

২০২০ ৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল বৈশিষ্টসমূহ

২০৩০ চনৰ ভিতৰত ‘বহনক্ষম উন্নয়নৰ লক্ষ্য 4’ (SDG4)ৰ সহিতে ‘প্ৰাৰম্ভিক বাল্যাৱস্থাৰ যত্ন আৰু শিক্ষা’ (ECCE)ৰ পৰা মাধ্যমিক শিক্ষালৈকে সাৰ্বজনীন কৰণ ৷ ৰাষ্ট্ৰীয় মিছনৰ যোগেদি ২০২৫ ৰ ভিতৰত বুনিয়াদী শিক্ষা আৰু গণনাত্মক কৌশল অৰ্জন কৰা ৷

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ ফলাফলবোৰ
২০২০ ৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল বৈশিষ্টসমূহ

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ ফলাফলবোৰ

* ২০৩০ চনৰ ভিতৰত ‘বহনক্ষম উন্নয়নৰ লক্ষ্য 4’ (SDG4)ৰ সহিতে ‘প্ৰাৰম্ভিক বাল্য অৱস্থাৰ যত্ন আৰু শিক্ষা’ (ECCE)ৰ পৰা মাধ্যমিক শিক্ষালৈকে সাৰ্বজনীন কৰণ ৷

* ৰাষ্ট্ৰীয় মিছনৰ যোগেদি ২০২৫ ৰ ভিতৰত বুনিয়াদী শিক্ষা আৰু গণনাত্মক কৌশল অৰ্জন কৰা ৷

* ২০৩০ চনৰ ভিতৰত প্ৰাক-বিদ্যালয় আৰু মাধ্যমিক স্তৰত এশ শতাংশ “মুঠ নামভৰ্ত্তিকৰণৰ হাৰ” (GER) অৰ্জন ৷

* বিদ্যালয়ে ঢুকি নোপোৱা ২ কোটি শিশুক বিদ্যালয়মুখী কৰা ৷

* ২০২৩ ৰ ভিতৰত শিক্ষকসকলক মূল্যাংয়ন সংস্কাৰৰ বাবে প্ৰস্তুত কৰি তোলা ৷

* ২০৩০ চনৰ ভিতৰত সন্মিলিত আৰু সমতাপূৰ্ণ শিক্ষা (Inclusive & Equitable Education System)ৰ ব্যৱস্থা

* মূল ধাৰণা আৰু জ্ঞানৰ প্ৰয়োগৰ পৰীক্ষণৰ বাবে ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷

* প্ৰতিটো শিশুৱে বিদ্যালয়ৰ পৰা ওলাই আহোতে অন্ততঃ কোনো এক বিশেষ কৌশলত নিপুণ হৈ ওলাব ৷

* চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বাবে শিকনৰ উমৈহতীয়া মানক নিৰ্দ্ধাৰণ

বিদ্যালয় শিক্ষাৰ প্ৰমুখ সংস্কাৰসমূহ :

প্ৰাৰম্ভিক বাল্য অৱস্থাৰ শিক্ষা (ECE), শিক্ষকসকল আৰু প্ৰাপ্ত বয়স্কৰ শিক্ষাৰ বাবে নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁঠনি ৷

* ব’ৰ্ড পৰীক্ষাসমূহ জ্ঞান আৰু কৌশল প্ৰয়োগৰ ভিত্তিত অনুষ্ঠিত হ’ব ৷

* পঞ্চম মানলৈকে আৰু অষ্টম মান তথা তাৰ পৰৱৰ্তী শ্ৰেণীবোৰতো নিজৰ ইচ্ছা অনুযায়ী ঘৰত ব্যৱহাৰ কৰা ভাষা/ মাতৃভাষা/ আঞ্চলিক ভাষা বাচি ল’ব পাৰিব ৷

* শিশুৰ ৩৬০ ডিগ্ৰী সামগ্ৰিক প্ৰগতিৰ কাৰ্ড ৷

* শিকনৰ ফলাফলসমূহৰ পৰা লাভান্বিত হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰগতিক অনুসৰণ কৰা ৷

* ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ - পৰখ

* উচ্চ শিক্ষা অনুষ্ঠানসমূহ (HEI)ত নামভৰ্ত্তিৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ (NTA) দ্বাৰা উমৈতীয়া প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা ৷

* শিক্ষকসকলৰ বাবে ৰাষ্ট্ৰীয় পেছাদাৰী মানক (NPST) নিৰ্দ্ধাৰণ ৷

* কিতাপ অধ্যয়নৰ বিষয়ে সজাগতা বঢ়োৱা (Book Promotion Policy) আৰু ডিজিটেল গ্ৰন্থাগাৰ গঠন ৷

* সাৰ্বজনীন তদাৰকী আৰু জৱাবদিহিতাৰ বাবে স্বচ্ছ অনলাইন ছেল্‌ফ ডিছক্ল’জাৰ ৷

উচ্চ শিক্ষাত হোৱা প্ৰধান সংস্কাৰসমূহ :

* ২০৩৫ চনৰ ভিতৰত মুঠ নামভৰ্ত্তিকৰণৰ হাৰ পঞ্চাশ শতাংশ কৰা ৷

* সামগ্ৰিক আৰু বহুবিষয়ক শিক্ষা-বিষয়সমূহ বাচনিত নমনীয়তা ৷

* বহুস্তৰীয় প্ৰৱেশ আৰু নিৰ্গমন ৷

* আণ্ডাৰগ্ৰেজুৱেট (UG) কাৰ্যসূচী- ৩ আৰু ৪ বছৰীয়া

* প’ষ্ট গ্ৰেজুৱেশ্বন (PG)-১ আৰু ২ বছৰীয়া

* পাঁচ বছৰীয়া সংযুক্ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ৷

* এম ফিল বন্ধ কৰা হ’ব ৷

* ক্ৰেডিট তথা একাডেমিক বেংক অৱ ক্ৰেডিট গঠন কৰা হ’ব ৷

* উচ্চতৰ শিক্ষানুষ্ঠান (HEIs) সমূহঃ ৰিছাৰ্ছ ইন্টেনছিভ/ টিছিং ইন্টেনচিভ বিশ্ববিদ্যালয় আৰু স্বায়ত্বশাসিত ডিগ্ৰী অনুদান মহাবিদ্যালয় গঠন কৰা হ’ব ৷

* বহুবিষয়ক শিক্ষা আৰু গৱেষণা আদৰ্শ বিশ্ববিদ্যালয় (MERU) (প্ৰত্যেক জিলাতে নাইবা জিলাৰ দাঁতিকাষৰত)

স্নাতক স্বায়ত্বশাসনঃ একাডেমিক, প্ৰশাসনীয় আৰু বৃত্তীয়

* পোন্ধৰ বছৰত এফিলিয়েশ্বন ব্যৱস্থাৰ পৰ্যায়ক্ৰমে সমাপ্তকৰণ ৷

* মেন্টৰিঙৰ ওপৰত ৰাষ্ট্ৰীয় মেন্টৰিং গঠন ৷

* স্বতন্ত্ৰ বৰ্ড অৱ গৱৰ্ণৰছ (BoG)

* উচ্চতৰ শিক্ষাৰ বাবে একক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ (ইয়াত আইন আৰু চিকিৎসা অন্তৰ্ভুক্ত নাথাকিব) ৷

* ‘পৰিদৰ্শন’ৰ পৰিৱৰ্তে স্বচ্ছ ব্যৱস্থাৰ ভিত্তিত অনলাইন ছেল্‌ফ ডিছক্ল’জাৰৰ বাবে অনুমোদন ৷

* চৰকাৰী আৰু ব্যক্তিগত উচ্চতৰ শিক্ষানুষ্ঠান (HEIs) সমূহৰ বাবে উমৈহতীয়া মানদণ্ডৰ নিৰ্দ্ধাৰণ ৷

* ব্যক্তিগত জনহিতকৰ অংশীদাৰিত্ব ৷

* ব'ৰ্ড নিয়ন্ত্ৰণ গাঠনিৰ অধীনত মাছুল নিৰ্দ্ধাৰণ ৷

* অনতিপলমে শিক্ষা খণ্ডত জি ডি পিৰ ছয় শতাংশ সাৰ্বজনীন বিনিয়োগ কৰা হ’ব ৷

* ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্বন (NRF)

* শিক্ষাক আন্তৰাষ্ট্ৰীয় কৰণ কৰা হ’ব ৷

* বৃত্তিমূলক শিক্ষা, শিক্ষক আৰু পেচাদাৰী শিক্ষাৰ একত্ৰীকৰণ ৷

* ন মানদণ্ডৰ উচ্চতৰ শিক্ষানুষ্ঠান (HEIs) স্থাপন কৰাত শিথিলতা প্ৰদান ৷

* স্বতন্ত্ৰ উচ্চতৰ শিক্ষানুষ্ঠানসমূহ আৰু পেচাদাৰী শিক্ষানুষ্ঠানবোৰৰ বহু বিষয়ক অনুষ্ঠান হিচাপে বিকাশ সাধন ৷

* অনগ্ৰসৰ এলেকাসমূহত বিশেষ শিক্ষা খণ্ডৰ গঠন ৷

* পালি, পাৰ্চি আৰু প্ৰাকৃতৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান গঠন ৷

* ৰাষ্ট্ৰীয় শিক্ষা প্ৰযুক্তিবিদ্যাৰ মঞ্চ (NETF) গঠন ৷

* মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (MHRD)ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰালয় (M/o Education) কৰা হ’ব ৷

উৎসসমূহ :

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০, শিক্ষা খণ্ডত প্ৰমূখ পৰিৱৰ্তনকামী সংস্কাৰসমূহ ৷

লগতে পঢ়ক :বৈশ্বিক পৰ্যটনৰ বাবে কোনো সময়সীমা নাই, বৃদ্ধি পাব ভ্ৰমণৰ খৰছ- বিশেষজ্ঞ

ABOUT THE AUTHOR

...view details