কেৰালা, 29 ছেপ্টেম্বৰ: কেৰেলাৰ ত্ৰিশুৰৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাৰ্যই সকলোতে ব্যাপক চৰ্চা লাভ কৰিছে ৷ জেষ্ঠ আৰক্ষী বিষয়া অপৰ্ণা লাৱাকুমাৰে কৰ্কট ৰোগীৰ বাবে দান কৰিছে নিজৰ সুন্দৰ চুলিকোছা ৷ এগৰাকী আৰক্ষী বিষয়া হৈ ৰাইজৰ নিৰাপত্তাৰ বাবে তেখেতে নিজকে আগবঢ়োৱাৰ পাচতো আনৰ বাবে কাম কৰাৰ বাবে কোনো ফালৰ পৰা সুৰুঙা এৰা নাই ৷ আধুনিক প্ৰযুক্তিৰে বৰ্তমান কৰ্কট ৰোগীৰ বাবে চুলিৰ লগোৱা ব্যৱস্থা কৰিছে ৷ তাৰ বাবে বিভিন্ন সংস্থা, প্ৰতিষ্ঠান নতুবা কোম্পানী সমূহে বিভিন্ন উৎসৰ পৰা চুলিসমূহ সংগ্ৰহ কৰে নতুবা ইচ্ছানুসৰি কোনো ব্যক্তিয়ে নিজৰ চুলিসমূহ কৰ্কট ৰোগী সকলৰ বাবে দান কৰিবও পাৰে ৷
কৰ্কট ৰোগীৰ বাবে কেৰালাৰ এগৰাকী মহিলা আৰক্ষীয়ে কৰিলে মুণ্ডন - কেৰালাৰ ত্ৰিশুৰ অঞ্চলৰ এগৰাকী মহিলা আৰক্ষী বিষয়া
কেৰালাৰ ত্ৰিশুৰ অঞ্চলৰ এগৰাকী মহিলা আৰক্ষী বিষয়া.. ৰাইজৰ নিৰাপত্তা সেৱাত নিজকে উৎসৰ্গা কৰা আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ চুলিখিনি দান কৰিলে কৰ্কট ৰোগীৰ বাবে ৷ সম্প্ৰতি, তেওঁক লৈ সকলোতে অব্যাহত আছে চৰ্চা ৷
Kerala woman cop donates her hair for cancer patients
কেৰালাৰ এই আৰক্ষী বিষয়াগৰাকীয়েও কাৰোবাৰ মুখত হাঁহি বিৰিঙাবলৈ নিজৰ চুলিখিনি দান কৰিছে ৷ অপৰ্ণা লাৱাকুমাৰে কয় যে, মই এইয়া কৰ্কট ৰোগী সকলৰ বাবে কৰিছো ৷ আৰু যি কৰিছে এইয়া মই স্ব-ইচ্ছাৰে কৰিছো ৷ তাৰবাবে আজিলৈকে মোক কোনেও প্ৰশ্ন কৰা নাই ৷ ইয়াৰ আগতেও 2016 চনত অপৰ্ণাই একে উদ্দেশ্য আগত ৰাখিয়েই চুলিসমূহ দান কৰিছিল বুলিও প্ৰকাশ কৰে ৷