অসম

assam

ETV Bharat / bharat

কেৰালা টেকনিকেল বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত - কোভিড-১৯

কেৰালাত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা টেকনিকেল বিশ্ববিদ্যালয়ে বাতিল কৰিলে সকলো পৰীক্ষা।

 কেৰালা
Kerala Technical University postpones all exams scheduled in July

By

Published : Jun 29, 2020, 7:01 PM IST

নিউজ ডেস্ক, ২৯ জুনঃ কেৰালা টেকনিকেল বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ৰাজ্যখনৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

১ জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিল কেৰালা টেকনিকেল বিশ্ববিদ্যালয়ৰ পৰীক্ষা। কিন্তু ৰাজ্যখনত প্ৰতিদিনে বৃদ্ধি পোৱা কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। সম্প্ৰতি একাডেমিক কমিতিয়ে এই বিষয় সন্দৰ্ভত আলোছনা অব্যাহত ৰাখিছে। কোভিড-১৯ৰ এই সংকটৰ সময়ত পৰীক্ষাৰ দিন ঘোষণা কৰাক লৈ পূৰ্বে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছিল।

কেৰালা টেকনিকেল বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত

উল্লেখ্য যে, বৰ্তমানলৈকে কেৰালাত ৪,১৯০ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰা গৈছে। ইয়াৰে ২,০১৫ গৰাকী লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২,১৫০ গৰাকী। আনহাতে, এই মহামাৰীৰ ফলত ৰাজ্যখনত মৃত্যু হৈছে ২৩ গৰাকী লোকৰ।

ABOUT THE AUTHOR

...view details