নিউজ ডেস্ক, 2 আগষ্ট : শনিবাৰে কেৰালাৰ তিৰুৱন্তমপুৰত হিচাপ নিৰীক্ষক কাৰ্যালয়ৰ এগৰাকী বিষয়াই জিলা উপায়ুক্তৰ বেংক একাউন্টৰ 2 কোটি টকা হৰণ-ভগন কৰাৰ অভিযোগত বিষয়া গৰাকীক তৎকালীনভাবে নিলম্বিত কৰা হয় ৷
বীজু লাল নামৰ বিষয়া গৰাকীক তৎকালীনভাবে নিলম্বিত কৰা হয় ৷ কিয়নো অভিযোগ অনুসৰি, বিষয়া গৰাকীয়ে ব্যক্তিগত একাউন্টত 60 লাখ টকা লুন্ঠন কৰিছিল ৷ উক্ত ঘটনাৰ পিচতে হিচাপ নিৰীক্ষক বিভাগে আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰিছিল আৰু ঘটনাৰ উচিত তদন্ত বিচাৰিছিল ৷