নিউজ ডেস্ক, 1 জানুৱাৰী : প্ৰায় দহ মাহৰ পিচত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছে দেশৰ শিক্ষাৰ্থী সকল ৷ ক'ৰণা আতংকৰ বাবে যোৱা 10 মাহে বন্ধ হৈ থকা কেৰালা স্কুল সমূহ শুকুৰবাৰৰ পৰা COVID-19 ৰ নিয়মাৱলী পালন কৰি আংশিকভাৱে পুনৰ আৰম্ভ হৈছে ৷ সমগ্ৰ দেশৰ লগতে কেৰালাৰ দশম আৰু দ্বাদশ শ্ৰেণী শিক্ষাৰ্থী সকলেও নতুন বৰ্ষৰ প্ৰথম দিনটোতে স্কুললৈ যায় ৷
উল্লেখ্য যে, কেৰালা প্ৰশাসনে বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কিছুমান ক'ৰণা সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰিছে ৷ বিদ্যালয়ত প্ৰৱেশ কৰা সময়ত প্ৰত্যেক জন শিক্ষক আৰু শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব পালন আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ এই কথা প্ৰকাশ কৰিছে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শ্বালজাই ৷