থিৰুৱনন্তপুৰম,10 মে’ঃকেৰালা আৰক্ষীয়ে শনিবাৰে ৰাজধানী থিৰুৱনন্তপুৰমৰ এগৰাকী মহিলাক সম্পূৰ্ণ চৰকাৰী খৰচত হেলিকপ্তাৰেৰে কোচিলৈ চিকিৎসা সংক্ৰান্তীয় বিষয়ৰ বাবে প্ৰেৰণ কৰে ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত মহিলাগৰাকীৰ শাৰিৰীক অৱস্থা একপ্ৰকাৰৰ ব্ৰেইন ডেড পৰ্যায়ত আছিল ৷ এক চৰকাৰী চাটাৰ্ড হেলিকপ্তাৰ সুবিধাৰ বাবে এম্বুলেঞ্চলৈ পৰিণত কৰি মহিলাগৰাকীক অনা হয় কোচিলৈ ৷ লীনা চিম্বু নামৰ 49 বৰ্ষীয় মহিলাগৰাকীৰ শৰীৰত হৃদযন্ত্ৰ সংস্থাপিত কৰা হৈছে ৷ ইতিমধ্যে মহিলাগৰাকী কোচিৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ থিৰুৱনন্তপুৰম আৰু এৰ্নাকুলাম জিলা প্ৰশাসনে শুকুৰবাৰে লালী গোপকুমাৰৰ মৃত্যুৰ পিছত ততালিকে এই ব্যৱস্থা গ্ৰহণ কৰে ৷
আৰক্ষীৰ তৎপৰতাত মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন - হৃদযন্ত্ৰ সংৰোপন
শনিবাৰে ৰাজধানী থিৰুৱনন্তপুৰমৰ এগৰাকী মহিলাক সম্পূৰ্ণ চৰকাৰী খৰচত হেলিকপ্তাৰেৰে কোচিলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে কেৰালা আৰক্ষীয়ে ৷ লীনা চিম্বু নামৰ 49 বৰ্ষীয় মহিলাগৰাকীৰ শৰীৰত হৃদযন্ত্ৰ সংস্থাপিত কৰা হৈছে ৷

মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন
মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন
উল্লেখ্য যে, লিসী চিকিৎসালয়ৰ এটা দলে পুৱাৰ ভাগত থিৰুৱনন্তপুৰমলৈ আহে আৰু বিমানবন্দৰৰ পৰা প্ৰায় 2.45 বজাত হৃদযন্ত্ৰটো কোচিলৈ নি সংস্থাপিত কৰে মহিলাগৰাকীৰ দেহত ৷ উক্ত হেলিকপ্তাৰখন চৰকাৰে প্ৰতিমাহত 1.44 কোটি ব্যয় সাপেক্ষে আৰক্ষীৰ সুবিধাৰ্থে ভাড়াত লৈছিল ৷ কিন্তু এই বিষয়টোৱে সম্প্ৰতি বিৰোধীৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷
লগতে চাওকঃআকৌ হ'ব নেকি লক্ ডাউন !