অসম

assam

ETV Bharat / bharat

কেৰালা আৰক্ষীয়ে দুৰ্গম অঞ্চলত গৈ বিলাইছে অত্যাৱশ্যকীয় সামগ্ৰী - COVID-19 সংক্ৰমণ

কেৰালাৰ অত্যন্ত দুৰ্গম এলেকাত দৰিদ্ৰ লোকক অত্যাৱশ্যকীয় সামগ্ৰী বিলালে কেৰালা আৰক্ষীয়ে । ৱাইয়ানন্দ জিলাত বাস কৰা জনজাতীয় লোকসকলৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী ।

কেৰালা আৰক্ষীয়ে দুৰ্গম অঞ্চলত গৈ বিলাইছে অত্যাৱশ্যকীয় সামগ্ৰী
কেৰালা আৰক্ষীয়ে দুৰ্গম অঞ্চলত গৈ বিলাইছে অত্যাৱশ্যকীয় সামগ্ৰী

By

Published : Apr 14, 2020, 5:25 PM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ COVID-19 সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দিয়া লকডাউনত বিপদত পৰিছে বহু লোক । তেনে লোকক যিমান সম্ভৱ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন লোক তথা প্ৰশাসনে ।

কেৰালাৰ অত্যন্ত দুৰ্গম এলেকাৰ দৰিদ্ৰ লোকক অত্যাৱশ্যকীয় সামগ্ৰী বিলালে কেৰালা আৰক্ষীয়ে । ৱাইয়ানন্দ জিলাত বাস কৰা জনজাতীয় লোকসকলৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ।

2018 আৰু 2019 চনৰ বানপানী আৰু ভূমিস্খনৰ ফলত পথৰ লগতে দলং ছিঙি যোৱাৰ ফলত অঞ্চলটোৰ যাতায়ত সাংঘাটিক ধৰণে দুৰ্গম হৈ পৰে । সকলোকে সহায় কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানে দিয়া নিৰ্দেশনা মানি বিপদজনক নদী পাৰ হৈ ৱাইয়ানন্দৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দলটোৱে গৈ লোক সকলকৰ মাজত খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।

আৰক্ষী আৰু প্ৰশাসন বিভিন্ন গোটত ভাগ হৈ দুৰ্গম এলেকাত থকা জনজাতীয় অঞ্চল সমূহত আগবঢ়াই আছে সাহায্য ।

ABOUT THE AUTHOR

...view details