নেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: COVID-১৯ৰ প্ৰট'কল মানি কেৰালাত বুধবৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে স্থানীয় নিকায় নিৰ্বাচনৰ ভোটগণনা । ৰাজ্যিক নিৰ্বাচনী আয়োগৰ মতে, ২৪৪টা কেন্দ্ৰত ভোটগণনা চলি আছে । ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত ভি ভাস্কৰণে কয় যে, প্ৰথমে বিশেষ বেলট ভোটসহ ডাকযোগে প্ৰেৰণ কৰা ভোট গণনা কৰা হ'ব আৰু তাৰ পিছত ই ভি এমৰ ভোট গণনা কৰা হ'ব । স্থানীয় নিকায় নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৭৮.৬৪ শতাংশ ভোটদান হৈছিল ।
দ্বিতীয় পৰ্যায়ত ৭৬.৩৮ শতাংশ লোকে ভোটদান কৰে আৰু প্ৰথম পৰ্যায়ত ৭২.৬৭ শতাংশ লোকে ভোটদান কৰে । ফলাফল ঘোষণাৰ সময়ত ১৪৪ ধাৰা জাৰি কৰা হৈছে, যাৰা দ্বাৰা একে ঠাইতে ৪ জনতকৈ অধিক লোক একত্ৰিত হোৱাত বাধা আৰোপ কৰা হৈছে । COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে মালাপ্পুৰম আৰু আৰু কঝিক'ড়ে আৰু কাছৰগড় জিলাৰ বহু ঠাইত আইন ব্যৱস্থা বৰ্তাই ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে । মালাপ্পুৰম জিলা উপায়ুক্ত কে গোপালাকৃষ্ণণ জিলাখনত ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৮ বজালৈকে ১৪৪ ধাৰা জাৰি কৰিছে ।
আনহাতে, ১০০ জনতকৈ অধিক লোকৰ উপস্থিতিত বিজয় উত্সৱ অনুষ্ঠিত কৰাতো বাধা আৰোপ কৰা হৈছে । ১০ বছৰতকৈ কম আৰু ৬৫ বছৰতকৈ অধিক বয়সৰ লোক এই বিজয় উত্সৱত অংশ ল'ব নোৱাৰিব । কঝিক'ড়ে জিলাৰ উপায়ুক্ত ছিৰাম ছামবৈশ্য ৰাছে ১৪৪ ধাৰা জাৰি কৰি কয় যে, জিলাখনৰ বটকাৰা, নড়াপুৰম, ভালায়াম, কুট্টিয়েড়ি আৰু প্ৰেৰমব্ৰা আৰক্ষী থানাৰ অধীনৰ অঞ্চলসমূহত একেটা স্থানতে ৫ জনতকৈ অধিক লোক একগোট হ'ব নোৱাৰিব । কোনো দলে সমদলো উলিয়াব নোৱাৰিব । আনহাতে, ভোটগণনা কেন্দ্ৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৫ জনতকৈ অধিক লোক একত্ৰিত হোৱা বাধা আৰোপ কৰা হৈছে ।
বিজয়ী দলে ২০ জনতকৈ অধিক লোকৰ সমদল উলিয়াব নোৱাৰিব । কাছৰগড় জিলা উপায়ুক্ত ড০ ডি ছজিত বাবুৱেও জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে । ১৫ ডিচেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ১৭ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে । নিৰ্বাচনৰ সময়চোৱাত বিভিন্ন দলৰ নেতাৰ মাজত হোৱা সংঘৰ্ষ সন্বন্ধীয় গোচৰ ৰুজু হৈছিল । সেইবাবে, ভোটগণনাৰ সময়ত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে ।
লগতে পঢ়ক:বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা প্ৰজ্বলন প্ৰধানমন্ত্ৰী মোদীৰ