নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : বনাঞ্চলত বাস কৰা জনজাতিসমূহৰ সমৰ্থনত কেৰালা বন বিভাগে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ কট্টোৰ আগষ্ঠাভানম জৈৱিক উদ্যানত 'ভানিকা' নামৰ এক আঁচনিৰ উদ্ধোধন কৰা হৈছে ৷ এই আঁচনিৰ জৰিয়তে বনাঞ্চলত বাস কৰা জনজাতীয় লোকসকলৰ খাদ্য আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে ৷
তথ্য অনুসৰি, লকডাউনৰ ফলত এই জনজাতিসমূহে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছে ৷ কট্টোৰ, মানগডো আৰু অৰু অঞ্চলত প্ৰায় 200 জনজাতীয় পৰিয়ালে বাস কৰে ৷
এই আঁচনিৰ জৰিয়তে পৰিয়ালসমূহে আম, কঁঠাল, কাজু, মৌ আৰু অন্যন্যা সামগ্ৰীসমূহ বনাঞ্চলৰ পৰা আনি বিক্ৰী কৰিব পাৰিব ৷
ইয়াৰোপৰি, এই সামগ্ৰীসমূহ বিভিন্ন গাঁও আৰু চহৰলৈ প্ৰেৰণৰ দায়িত্ব গ্ৰহণ কৰিছে 'ভানিকা'ই ৷