নিউজ ডেস্ক, ২৩ এপ্ৰিলঃলকডাউনৰ মাজতে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ দৰে অভিযোগৰ বিচাৰ খৰতকীয়া কৰি তুলিবলৈ গ্ৰহণ কৰা হৈছে এই বিশেষ সিদ্ধান্ত ।
বুধবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনত ২৮ খন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজ্যখনৰ ১৪ খনকৈ জিলাত প্ৰতিখনতে দুখনকৈ ফাষ্ট ট্ৰেক আদালত স্থাপন কৰিব কেৰালা চৰকাৰে । ৰাজ্যখনত শিশুৰ লগতে মহিলাৰ ওপৰত সংঘটিত হোৱা নিৰ্যাতনৰ ঘটনাৰ খৰতকীয়া ন্যায় প্ৰদান কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে কেৰালা কেবিনেটে ।