অসম

assam

কেন্দ্ৰৰ এন.পি.আৰ মানি নলয় কেৰালা চৰকাৰে

By

Published : Jan 20, 2020, 11:50 PM IST

এন.পি.আৰ উন্নীতকৰণৰ কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ সহযোগ নকৰে বুলি উল্লেখ কেৰালাৰ বাম মৰ্চা চৰকাৰৰ ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নৰ অধ্যক্ষতাত এখন বিশেষ কেবিনেট বৈঠকৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যোগেদি ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্তক জনাই যে কেৰালা ৰাজ্যিক চৰকাৰে কেন্দ্ৰৰ এন.পি.আৰৰ সিদ্ধান্তক সহযোগ নকৰে ৷

Kerala govt to inform Centre it cannot update NPR
এন.পি.আৰৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিলে কেৰালাৰ বাম চৰকাৰে

নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃকেৰালাৰ বাম মৰ্চা চৰকাৰে এন.পি.আৰ সম্পৰ্কত কেন্দ্ৰই নিৰ্ধাৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে ৷ এন.পি.আৰ উন্নীতকৰণৰ কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ সহযোগ নকৰে বুলি উল্লেখ কৰে ৷ তেওঁলোকে উল্লেখ কৰে যে এই প্ৰক্ৰিয়া সম্পৰ্কত জনসাধাৰণৰ শংকা আছিল ৷ আইন ব্যৱস্থাৰ সুনিশ্চিত কৰা সাংবিধানিক কৰ্তব্য বুলিও উল্লেখ কৰে ৷

কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নৰ অধ্যক্ষতাত এখন বিশেষ কেবিনেট বৈঠকৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যোগেদি ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্তক জনাই যে কেৰালা ৰাজ্যিক চৰকাৰে কেন্দ্ৰৰ এন.পি.আৰৰ সিদ্ধান্তক সহযোগ নকৰে ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰা হয় ৷ কিন্তু ৰাজ্যই লোকপিয়ল প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷

এল.ডি.এফ চৰকাৰ কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী আইনক লৈ যথেষ্ট তিক্ততাপূৰ্ণ স্থিতিত আছে আৰু যোৱা মাহত এন.আৰ.পি সম্পৰ্কীয় সকলো গতিবিধি ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে সোমবাৰে প্ৰকাশ কৰে যে এন.আৰ.চি, নাগৰিকত্ব সংশোধনী আইন তথা এন.পি.আৰক লৈ জনসাধাৰণক কেন্দ্ৰ চৰকাৰে আশ্বস্ত কৰিব পৰা নাই আৰু ইয়াক লৈ জনসাধাৰণ শংকিত গতিকে ইয়াক আমি গ্ৰহণ কৰিব নোৱাৰো ৷ লগতে কয় যে এন.আৰ.চিৰ ক্ষেত্ৰত অসম এক জলন্ত উদাহৰণ যিয়ে অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছে ৷

ইয়াৰোপৰি সকলো আমোলাতান্ত্ৰিক ফালৰ পৰাও এন.পি.আৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৷ জিলা উপায়ুক্ত তথা আৰক্ষী বিভাগসমূহলৈ এই নিৰ্দেশ ইতিমধ্যেই জাৰি কৰা হৈছে ৷

আনহাতে যোৱা 29 ডিচেম্বৰত চিপিআই(এম) নেতৃত্বৰ এল.ডি.এফ চৰকাৰে বিভিন্ন ৰাজনৈতিক দল তথা জাতীয় তথা সামাজিক সংগঠনৰে হোৱা এক বৈঠকত বিভিন্ন বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল ৷ উল্লেখ্য যে বিধানসভাৰ বিশেষ বৈঠক অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী আইন কেৰালাত কাৰ্যকাৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷

আৰু পঢ়কঃউপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ

ABOUT THE AUTHOR

...view details