অসম

assam

কৃষিখণ্ডৰ বাবে ৩,০০০ কোটি প্ৰদান কেৰালা চৰকাৰৰ

By

Published : Apr 30, 2020, 11:31 AM IST

কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰায় বিজনয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, কোভিড-১৯ৰ ফলত হোৱা ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনে খাদ্য উৎপাদন আৰু কৃষিখণ্ডক সজীৱ কৰি তুলিবলৈ ৩,০০০ কোটিৰ পূঁজি ঘোষণা কৰিছে ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰায় বিজয়ন
কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰায় বিজয়ন

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ আত্মসংস্থাপন নিয়ন্ত্ৰণৰ লগতে খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে বুধবাৰে ৩,০০০ কোটিৰ এক পূঁজিৰ কথা ঘোষণা কৰে । মহামাৰীৰ দ্বাৰা ব্যাপকভাৱে ক্ষতিগ্ৰস্থ কেৰালা চৰকাৰে কৃষিখণ্ডৰ পুনৰুত্থানৰ বাবে এই পূঁজি ঘোষণা কৰে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিন্নাৰায় বিজয়নে কোভিড-১৯ৰ দৈনন্দিন পৰ্যালোচনা সভাত এই কথা প্ৰকাশ কৰে ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰায় বিজয়ন

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সৰ্বমুঠ ধনৰাশিৰ ১,৫০০ কোটি স্থানীয় প্ৰশাসন আৰু বিভিন্ন বিভাগৰ পৰা সংগ্ৰহ কৰাৰ লগতে বাকী ১,৫০০ কোটি নাবাৰ্ড আৰু কো-অপাৰেটিভ খণ্ডৰ পৰা ঋণ হিচাপে সংগ্ৰহ কৰা হ'ব । ৰাজ্যখনৰ কৃষি বিভাগে ইতিমধ্যে অব্যৱহৃত ভূমিত খেতিৰে অহা মাহৰ পৰাই কৃষিকাৰ্য আৰম্ভ কৰাৰ প্ৰস্তাৱ প্ৰদান কৰিছে । এই প্ৰকল্প স্থানীয় প্ৰশাসনৰ দ্বাৰা পৰিচালিত অনুষ্ঠানৰ দ্বাৰা ফলৱৰ্তী কৰি তোলা হ'ব । কৃষি বিভাগে ইয়াৰ বাবে খচৰা নীতি ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে আৰু ইয়াৰ চূড়ান্ত প্ৰতিবেদন সম্পূৰ্ণ হ'লেই এইক্ষেত্ৰত কাম আৰম্ভ কৰিব বিভাগটোৱে ।

কৃষিখণ্ডক পুনৰ উজ্জীৱিত কৰি তোলাৰ লগতে কৃষকৰ আয় বৃদ্ধি, কৃষিকৰ্মলৈ যুৱপ্ৰজন্মক আগবঢ়াই অনা আৰু চাকৰি হেৰুওৱা বিশেষজ্ঞসকলক এই প্ৰকল্পৰ সৈতে জড়িত কৰি তোলাই হৈছে ইয়াৰ মূল উদ্দেশ্য । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই পৰিকল্পনাৰ দ্বাৰা লাইভষ্টক, গাখীৰ আৰু কনীৰ উৎপাদন, মৎসপালনক অধিক গুৰুত্ব প্ৰদান কৰি ১৫ মে'ৰ পূৰ্বেই বাৰ্ষিক নীতিত ইয়াক সন্নিৱিষ্ট কৰিব লাগিব বুলি জানিব পৰা গৈছে । মাটিৰ গৰাকীয়ে খেতি কৰিব বিচাৰিলে তেওঁক স্থানীয় প্ৰশাসনে সহায় কৰিব । অন্যথা সেই মাটি আত্মসহায়ক গোট নাইবা কুডুম্বাশ্ৰী আৰু পঞ্চায়তৰ দ্বাৰা পৰিচালিত কমিটীয়ে ব্যৱহাৰ কৰিব ।

পশুপালন, জলসিঞ্চন, কৰ্পোৰেশ্বন, পুখুৰী, উদ্যোগ, অনুসূচিত জাতি আৰু জনজাতি উন্নয়ন বিভাগে কৃষি বিভাগৰ সহযোগত এই প্ৰকল্পৰ বাবে আগবাঢ়ি আহিছে । কৃষি বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কেৰালাত প্ৰায় ১.০৯ লাখ হেক্টৰ পোতাশয় আছে আৰু ইয়াৰে ১.৪ লাখ হেক্টৰ কৃষিকৰ্মৰ বাবে উপযোগী । এই প্ৰকল্প ফলৱৰ্তী হৈ উঠিলে গাঁও আৰু চহৰত কৃষিজনিত বজাৰ গঢ়ি তোলা হ'ব আৰু ইয়াৰ দ্বাৰা ডিজিটেল ইক'নমিক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব ।

লগতে পঢ়কঃশ্বাৰ্জিল ইমামৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (ৰোধ) আইনৰ অধীনত গোচৰ

ABOUT THE AUTHOR

...view details