অসম

assam

By

Published : Jul 24, 2020, 1:26 PM IST

ETV Bharat / bharat

কেৰালাৰ সোণ কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ প্ৰাক্তন সচিবলৈ জাননী প্ৰেৰণ NIA ৰ

শুকুৰবাৰে কেৰালাৰ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব এম শিৱশংকৰলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ । সংস্থাটোৱে কেৰালাৰ সোণ কেলেংকাৰী সন্দৰ্ভত জাননী প্ৰেৰণ কৰে এম শিৱশংকৰক ।

কেৰালাৰ সোণ কেলেংকাৰী
কেৰালাৰ সোণ কেলেংকাৰী

নিউজ ডেস্ক, ২৪ জুলাইঃ কেৰালাৰ সোণ কেলেংকাৰী সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)য়ে শুকুৰবাৰে কেৰালাৰ মুখ্যমন্ত্ৰীৰ পিনাৰাই বিজয়নৰ প্ৰাক্তন প্ৰধান সচিব এম শিৱশংকৰলৈ জাননী জাৰী কৰে । য'ত প্ৰাক্তন প্ৰধান সচিব গৰাকীক ২৭ জুলাইত কোচিৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়ে । আনহাতে, বৃহস্পতিবাৰে ৫ ঘণ্টা ধৰি NIA য়ে সোধপোছ কৰে এম শিৱশংকৰক । এই সোধপোছৰ অন্ততে সোণ কেলেংকাৰীৰ সন্দৰ্ভত প্ৰথম অভিযুক্ত সৰিথৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মত ব্যক্ত কৰে এম শিৱশংকৰে ।

ইতিমধ্যে কেৰালাৰ সোণ কেলেংকাৰীত অভিযুক্তৰ সৈতে ঘনিষ্ঠ সম্বন্ধ থকাৰ বাবেই মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মুখ্য সচিব আৰু তথ্যপ্ৰযুক্তিৰ সচিব পদৰ পৰা নিলম্বন কৰে ।

উল্লেখ্য যে, বিগত ৫ জুলাইত সীমা শুক্ল বিভাগে জব্দ কৰে ৩০ কিলোগ্ৰাম সোণ । যাৰ বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে সীমা শুক্ল বিভাগে । আনহাতে, ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক তদন্তৰ বাবে দায়িত্ব অৰ্পন কৰে ৰাজ্য চৰকাৰে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই চলোৱা এই তদন্তৰ ভিত্তিতে Unlawful Activities (Prevention) Act ৰ অধীনত চাৰিজন অভিযুক্ত ক্ৰমে সৰিথ, স্বপ্ন সুৰেশ, সন্দীপ নায়াৰ আৰু ফছিল ফৰিদক আটক কৰে ।

লগতে পঢ়ক :ক'ভিড কেয়াৰ চেন্টাৰত কিশোৰীক যৌন নিৰ্যাতন

ABOUT THE AUTHOR

...view details