নেশ্যনেল ডেস্ক,২১আগষ্ট: NIAৰ আদালতে জামিন আবেদন নাকচ কৰাৰ পিছত এইবাৰ কেৰালাৰ কোচিৰ প্ৰধান সত্ৰ ন্যায়াধীশৰ আদালতেও নাকচ কৰিলে স্বপ্না সুৰেশৰ জামিন আবেদন। সোণৰ অবৈধ সৰবৰাহৰ গোচৰত অভিযুক্ত স্বপ্না সুৰেশ । শুকুৰবাৰে কোচিৰ প্ৰধান সত্ৰ ন্যায়াধীশৰ আদালতে জামিন আবেদন নাকচ কৰে। এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে ৰুজু কৰা অবৈধভাৱে ক'লাধন বগা কৰা গোচৰৰ জামিন বিচাৰিছিল স্বপ্না সুৰেশে। বিচাৰৰ সময়ত ED য়ে আদালতত জনোৱা তথ্য অনুসৰি সোণৰ অবৈধ সৰবৰাহৰ সৈতে স্বপ্না জড়িত বুলি তেওঁ নিজে স্বীকাৰ কৰিছে। লগতে স্বপ্নাৰ বিৰুদ্ধে ভাৰত আৰু বিদেশতো ষড়যন্ত্ৰ কৰা হৈছে । গতিকে এই ক্ষেত্ৰত নিজকে নিৰ্দোষী প্ৰমাণিত কৰাটো স্বপ্নাৰ দায়িত্ব।
স্বপ্না সুৰেশৰ জামিন আবেদন নাকচ - Court dismisses bail plea of Swapna Suresh
সোণৰ অবৈধ সৰবৰাহৰ গোচৰত অভিযুক্ত স্বপ্না সুৰেশৰ জামিন আবেদন নাকচ। কেৰালাৰ কোচিৰ প্ৰধান সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে জামিন আবেদন।
ED ৰ ভাষ্যৰ পিছতে সোণৰ অবৈধ সৰবৰাহৰ গোচৰত চলি থকা তদন্ত বৰ্তমান প্ৰাথমিক পৰ্যায়তে আছে বুলি ঘোষণা কৰি, প্ৰধান সত্ৰ ন্যায়াধীশৰ আদালতে স্বপ্না সুৰেশৰ জামিন আবেদন নাকচ কৰে। স্বপ্না সুৰেশৰ উপৰিও সোণৰ অবৈধ সৰবৰাহৰ গোচৰত অভিযুক্ত সৰিথ পিএছ, আৰু সন্দীপ নায়াৰক ২৬ আগষ্টলৈকে ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে NIAৰ আদালতেও নাকচ কৰিছিল স্বপ্না সুৰেশৰ জমিন আবেদন। ১৪.৮২ কোটি টকা মূল্যৰ ৩০ কেজি সোণ সৰবৰাহৰ ঘটনা পোহৰলৈ অহাৰ পিছতে স্বপ্না সুৰেশৰ নাম সাঙোৰ খাইছিল।
লগতে পঢ়ক:চন্দ্ৰযান-২ য়ে সম্পূৰ্ণ কৰিলে চন্দ্ৰৰ কক্ষপথ প্ৰদক্ষিণৰ এটা বছৰ