নিউজ ডেস্ক, ২১ জুলাইঃকেৰালাৰ সোণ কেলেংকাৰীত অভিযুক্ত স্বপ্না প্ৰভা সুৰেশে মঙলবাৰে কেৰালাৰ এৰনাকুলাম জিলাৰ বিশেষ এনআইএ আদালত জামিন বিচাৰি আৱেদন দাখিল কৰে । সোণ কেলেংকাৰীত অভিযুক্ত স্বপ্না প্ৰভা সুৰেশে জড়়িত নহয় বুলি দাবী জনাই জামিন বিচাৰি দাখিল কৰে এই আৱেদন । লগতে এই আৱেদনত স্বপ্না প্ৰভা সুৰেশৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পৰ্ণ মিছা তথা এই কেলেংকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ ৰাজনৈতিক বিবাদৰ পৰিচয় বুলি উল্লেখ কৰে ।
কেৰালাৰ সোণ কেলেংকাৰীঃ এনআইএ আদালত জামিন বিচাৰি আৱেদন স্বপ্না প্ৰভা সুৰেশৰ
মঙলবাৰে কেৰালাৰ এৰণাকুলাম জিলাৰ বিশেষ এনআইএ আদালতত জামিন বিচাৰি আৱেদন দাখিল কেৰালাৰ সোণ কেলেংকাৰীত অভিযুক্ত স্বপ্না প্ৰভা সুৰেশৰ । আৱেদন পত্ৰত স্বপ্না প্ৰভা সুৰেশৰ বিৰুদ্ধে চলা অভিযোগ মিছা বুলিও উল্লেখ কৰে অভিযুক্ত গৰাকীয়ে ।
কেৰালাৰ সোণ কেলেংকাৰীঃ এনআইএ আদালত জামিন বিচাৰি আৱেদন স্বপ্না প্ৰভা সুৰেশৰ
কেৰালা সোণ কেলেংকাৰী সন্দৰ্ভত তিনিগৰাকী মুখ্য আৰোপী সাৰিথ পি এছ, স্বপ্না সুৰেশ আৰু সন্দীপ নায়ৰ বৰ্তমানও এনআইএ জিম্মাত আছে । উল্লেখ্য যে, চলিত মাহতে তিৰুবন্তপুৰমৰ সীমা শুক্ল বিভাগে এক তালাচী অভিযানত ১৪.৮২ কোটি টকাৰ প্ৰায় ৩০ কিলোগ্ৰামৰ সোণ উদ্ধাৰ কৰে ।
লগতে পঢ়কঃ১১০ দিনৰ অতিক্ৰমঃ পলাতক তবলিগী জামাতৰ নেতা মৌলানা ছাদ