অসম

assam

ETV Bharat / bharat

কেৰেলাত বানৰ তাণ্ডৱ : 42 জনৰ মৃত্যু

কেৰেলাত প্ৰৱল বৰষুণৰ বাবে আৰম্ভ হৈছে বানৰ তাণ্ডৱ

By

Published : Aug 10, 2019, 3:12 PM IST

কেৰেলাত প্ৰবল বৰষুণৰ বাবে হোৱা বানপানী

নেচনেল ডেস্ক,10 আগষ্টঃ কেৰেলাত প্ৰবল বৰষুণৰ বাবে হোৱা বানত এতিয়ালৈ 42 জন লোকৰ মৃত্যু হৈছে ৷ এক লাখ লোকক আশ্ৰয় শিবিৰলৈ প্ৰেৰণ কৰা হৈছে ৷ কোজিকোড আৰু মালাপুৰাম জিলাত ইতিমধ্যে মৃত্যু হৈছে 20 জনৰ আৰু ৱাইনাড জিলাত মৃত্যু হৈছে 9 জন লোকৰ ৷ ইয়াৰোপৰি ৰাজ্যখনত থকা 988 টা আশ্ৰয় শিবিৰলৈ 1,07,699 জন লোকক স্থানান্তৰ কৰা হৈছে ৷ এই বানত ভয়াৱহভাবে ক্ষতিগ্ৰস্ত হৈছে ৱাইনাড জিলাৰ 24,990 জন লোক ৷ ৱাইনাড আৰু মালাপুৰাম জিলাত হোৱা ভূমিস্খলনৰ ফলত বহু লোক আবদ্ধ হৈ থকা বুলিও সন্দেহ কৰা হৈছে ৷
ইফালে, প্ৰতিকূল বতৰৰ ফলত ব্যাহত হৈছে উদ্ধাৰ অভিযান ৷ উদ্বেগজনক কথা এই যে 15 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বাবে বানাচুৰাচাগৰ বান্ধৰ দ্বাৰ যিকোনো মুহূৰ্তত খুলি দিয়া হ’ব পাৰে বুলি জনায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ নেৰানেপেৰা বৰষুণৰ বাবে মালাপুৰম, কান্নুৰ আৰু ইড্ডুকি জিলাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰোপৰি বতৰ বিজ্ঞান প্ৰতিষ্ঠানে দিয়া বতৰৰ আগজাননী অনুসৰি এৰনাকুলাম. ইড্ডুকি. পালাক্কড, মালাপুৰাম, কঝিকড, ৱেআনাড আৰু কান্নুৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷

কেৰেলাত প্ৰবল বৰষুণৰ বাবে হোৱা বানপানী

উল্লেখ্য যে, দেওবাৰে ৱাইনাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে ৱাইনাড ভ্ৰমণ কৰা কথা আছে ৷

ABOUT THE AUTHOR

...view details