নেশ্বনেল ডেস্ক, 17 ডিচেম্বৰঃ কেৰালাৰ আল্লাপুৰা জিলাত বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে নিৰ্মাণ কৰা 121টা গৃহ মুকলিৰ বাবে সাজু হৈ উঠিছে ৷
ৰামোজী গ্ৰুপৰ ইনাডু ৰিলিফ ফাণ্ডৰ অধীনত কুডুমশ্ৰী মহিলা আত্মসহায়ক গোটৰ 55 গৰাকী মহিলা কৰ্মীৰ দ্বাৰা মাত্ৰ 40 দিনত নিৰ্মাণ কৰি উলিওৱা হৈছে গৃহসমূহ ৷ এই গৃহনিৰ্মাণ প্ৰকল্পটোৱে অতি কম সময়ৰ ভিতৰতে বান-ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে গৃহ নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে ৷
বান ক্ষতিগ্ৰস্থসকলৰ বাবে "ৰামোজী হাউচ" লগতে পঢ়কঃ 2020 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য
আল্লাপুৰা জিলাৰ উপ-জিলা অধিকাৰী ভি আৰ কৃষ্ণটেজাৰ তত্বাৱধানত মাটিৰ পৰা ডেৰ ফুট ওপৰত নিৰ্মাণ কৰা হৈছে গৃহসমূহ ৷ গৃহসমূহ ইয়াৰ বাসিন্দাসকলক ভৱিষ্যতে বানৰ কৱলৰ পৰা ৰক্ষা কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ৷
ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা গৃহসমূহ আগন্তুক ডিচেম্বৰ মাহৰ 8 তাৰিখে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে গৃহসমূহ বান-ক্ষতিগ্ৰস্থ লোকসকলক অৰ্পন কৰিব ৷ গৃহসমূহৰ উদ্বোধনী অনুষ্ঠানত কেৰালা চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীকে ধৰি, ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মী আৰু ফিল্ম তাৰকাসকল উপস্থিত থাকিব ৷