নেশ্বনেল ডেস্ক, 31 ডিচেম্বৰঃনাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ দ্বাৰা দেশৰ ধৰ্মনিৰপেক্ষতাক প্ৰত্যাহ্বান জনোৱা বিতৰ্কিত আইনখনৰ বিৰুদ্ধে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ প্ৰস্তাৱনা ৷ মঙলবাৰে ৰাজ্যখনৰ বিধানসভাত এদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰি মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে উত্থাপন কৰে এখন বিশেষ প্ৰস্তাৱনা ৷ নাগৰিকত্ব আইনখনে দেশৰ একতাৰ লগতে ধৰ্মনিৰপেক্ষতাক খৰ্ব কৰিব বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱনা উত্থাপন কৰা হয় ৷
কেৰালা বিধানসভাত গৃহীত নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী প্ৰস্তাৱনা - কেৰালা বিধানসভাত গৃহীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰস্তাৱনা
দেশব্যাপী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সংঘটিত হৈ আছে ৷ এনে সময়তে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাৰ বিধানসভাত নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰোধী এক প্ৰস্তাৱনা দাখিল কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে ৷
সমগ্ৰ দেশত এই আইনখনে প্ৰতিবাদৰ বাহিৰে বেলেগ একোৱেই কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো ভাৰতৰ প্ৰতিচ্ছবি হেয় প্ৰতিপন্ন হৈছে ৷ সদনত এই কথা উল্লেখ কৰি ৰাজ্যখনত কোনো শৰণাৰ্থী শিৱিৰ স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী পিন্নাৰাই বিজনয়ে ৷
লগতে পঢ়কঃ CAA সম্পৰ্কত জাহ্নু বৰুৱাৰ ভাইৰেল ভিডিঅ'
উল্লেখ্য যে, বিগত 29 ডিচেম্বৰত কেৰালাৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ বিৰোধী দলে বাওপন্থী চৰকাৰখনক এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল ৷ অধিৱেশনৰ দ্বাৰাই নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী এক প্ৰস্তাৱনাৰে বিতৰ্কিত আইনখন নাকচ কৰিবলৈ আহ্বান জনাইছিল বিৰোধীয়ে ৷ ইয়াৰ পিচতেই মঙলবাৰে এইদৰে বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰি নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধী এক প্ৰস্তাৱনা উত্থাপন কৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে ৷ অৱশ্যে ৰাজ্যখনৰ একমাত্ৰ বিজেপি বিধায়ক ও' ৰাজাগোপালে ইয়াৰ বিৰোধিতা কৰি ইয়াক অবৈধ বুলি ঘোষণা কৰে ৷