নিউজ ডেস্ক, ২৬ জুনঃ কেন্দ্ৰীয় চৰকাৰ সৈতে যোগাযোগ বৰ্তাই ৰখাত বিফল বুলি মত ব্যক্ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ । বৃহস্পতিবাৰে এই কথা সদৰি কৰে কেৰালাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক ইউনিটে ।
ৰাজ্য়খনৰ বিজেপিৰ ৰাজ্যিক সভাপতি সুৰেন্দ্ৰনে কয়, "লক ডাউনৰ সময়ত কেৰালাৰ প্ৰৱাসী সকলক উভতাই লৈ অহা সন্দৰ্ভত মুখ্যমন্ত্ৰী বিজয়নে পূৰ্বৰ অৱস্থান সলনি কৰি মত ব্যক্ত কৰিবলৈ বাধ্য হয় । কেৰালাৰ প্ৰৱাসীসকলৰ সন্দৰ্ভত বিজয়নে এটা কথা ব্যক্ত কৰি তাৰ পাচত সেইটো পুনৰ সলনি কৰি দিয়ে । তাৰ পাচত পুনৰ এটা নতুন প্ৰস্তাৱ লৈ আহে । কিছুমান বিষয় এনে আছে যি কেৱল কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰে । কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক মন্ত্ৰী ভি মুৰলীধৰণে প্ৰৱাসী ভাৰতীয় সকলক উভতাই অনাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাত মুখ্যমন্ত্ৰী বিজয়নে এই সন্দৰ্ভত দ্ৰুত হাৰত খেল খেলিবলৈ আৰম্ভ কৰিছিল ।