অসম

assam

ETV Bharat / bharat

লক ডাউনৰ নীতি-নিয়ম সহজ কৰাৰ বিশেষ পদক্ষেপ কেৰালা চৰকাৰৰ - লক্ ডাউন

সোমবাৰ অৰ্থাৎ ২০ এপ্ৰিলৰ পৰা কেৰালাৰ ১৪ খন জিলাক বিভক্ত কৰা হৈছে চাৰিটা জ'নত । গ্ৰীণ,অৰেঞ্জ এ,অৰেঞ্জ বি আৰু ৰেড জ'নত বিভক্ত কৰা হৈছে জিলা সমূহক ।

Kerala all set to ease shutdown norms from Monday
Kerala all set to ease shutdown norms from Monday

By

Published : Apr 20, 2020, 2:52 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কেৰালাত কৰা'ণা ভাইৰাছ আক্ৰান্ত অঞ্চল সমূহ চিনাক্ত কৰি লক ডাউনৰ প্ৰতিবন্ধকতা সহজেই কাৰ্যকৰী কৰাৰ বাবে কেৰালা চৰকাৰৰ বিশেষ পদক্ষেপ । সোমবাৰৰ পৰা ৰাজ্য়খনৰ ১৪ খন জিলাক বিভক্ত কৰা হৈছে চাৰিটা জ'নত। গ্ৰীণ,অৰেঞ্জ এ,অৰেঞ্জ বিআৰুৰেড জ'ন হিচাপে বিভক্ত কৰা হৈছে জিলাসমূহক ।

অঞ্চলভেদে লক ডাউন কিছু শিথিলতা কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্য়ে এই সময়তো কঠোৰ ভাৱে মানি চলিব লাগিব সামজিক দুৰত্বৰ নিয়ম । লগতে সকলো অন্যান্য নিৰ্দেশাৱলীৰো পালন কৰিব লাগিব বুলি উল্লেখ কৰে ৰাজ্যখনৰ আৰক্ষী প্ৰমুখ্য লোকনাথ বেহৰাই ।

ইডুক্কি আৰু কট্টায়াম জিলাক 'গ্ৰীণ জ'ন' হিচাপে চিনাক্ত কৰি কেন্দ্ৰৰ দ্বাৰা দিয়া নিৰ্দেশাৱলীত নিয়মিত জীৱন-যাপনৰ এক উদাহৰণ হ'ব বুলি উল্লেখ কৰা হৈছে এই দুখন জিলা ।

আনহাতে 'অৰেঞ্জ বি'ত সন্নিৱিষ্ট হৈছে আলাপ্পুঝা,তিৰুবন্দ্ৰপুৰুম,পালাক্কাড,ত্ৰিশূৰ, ৱায়ানাড জিলা। ইয়াতো দৈনিক কাৰ্যসূচীৰ অনুমতি প্ৰদান কৰা হৈছে ।

এই দুয়োটা জ'নতেই বজাৰ, হোটেল, কাৰ্যালয় মুকলি কৰাৰ অনুমতি দিয়া হৈছে । অৱশ্যে কোনো ধৰণৰ ভিৰ কৰাৰ পৰা বিৰত থাকিব লাগিব কোৱা হৈছে । লগতে বিবাহ,শ্ৰাদ্ধ অনুষ্ঠানত ২০ জনতকৈ অধিক লোক অংশগ্ৰহণ কৰিব নোৱাৰিব । বৰ্তমানলৈ আন্তঃজিলা যোগাযোগৰ অনুমতি দিয়া হোৱা নাই ।

ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম আৰু অযুগ্ম নীতি অৱলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আনহাতে মহিলাৰ দ্বাৰা চলোৱা বাহন সমূহক ৰেহাই দিয়া হৈছে । ইপিনে পাঠানামথিট্টা,ইৰনাকুলাম আৰু কুল্লাম জিলাক 'অৰেঞ্জ এ' জ'ন হিচাপে চিনাক্ত কৰি প্ৰতিবন্ধকতা ২৩ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

আনহাতে কাছাৰগুড়ে,কান্নোৰ,মালাপ্পুৰাম কঝিকড়েক 'ৰেড'শ্ৰেণীত অন্তৰ্ভুক্ত কৰি এই জিলা সমূহত লক ডাউনৰ সময় লৈকে সকলো নিয়ম মানি চলিব লাগিব বুলি উল্লেখ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details