অসম

assam

ETV Bharat / bharat

8 লাখৰ পৰা 41 লাখ টকালৈ বৃদ্ধি কেজৰিৱালৰ সম্পত্তি

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ লগতে নিজৰ সম্পত্তিৰ হিচাপো দাখিল কৰে তেওঁ ৷

Kejriwal's movable assets up Rs 8 lakh, wife's by Rs 41 lakh
8 লাখৰ পৰা 41 লাখ টকালৈ বৃদ্ধি কেজৰিৱালৰ সম্পত্তি

By

Published : Jan 22, 2020, 11:07 PM IST

নেশ্যনেল ডেস্ক, 22 জানুৱাৰীঃদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে দাখিল কৰে নিজৰ সম্পত্তিৰ হিচাপ ৷ অহা 8 ফেব্ৰুৱাৰীৰ দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰি তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰে ৷ 2015 চনৰ পিচত প্ৰায় 8 লাখ টকা আৰু তেওঁৰ পত্নীৰ 41 লাখ টকা অধিক হিচাপে বিবেচিত হয় ৷

উল্লেখ্য যে 2015 বৰ্ষত কেজৰিৱালৰ নিজৰ সম্পত্তিৰ মূল্য 2,26,005 টকা হিচাপে ঘোষণা কৰিছিল ৷ বৰ্তমান অৰ্থাৎ 2020 চনত এই সম্পত্তি 9,95,741 টকালৈ বৃদ্ধি হয় ৷ নিৰ্বাচনী আয়োগক দাখিল কৰা মনোনয়ন পত্ৰত তেওঁ উল্লেখ কৰে যে বিগত 5 বছৰত কোনোধৰণৰ নতুন সম্পত্তি ক্ৰয় কৰা নাই ৷

2015 চনত তেওঁৰ স্ব-অৰ্জিত সম্পত্তিৰ মূল্য 92 লাখ টকা আছিল যদিও সময়ৰ লগতে বজাৰ মূল্য বৃদ্ধিৰ বাবে ই 1.77 কোটি টকালৈ বৃদ্ধি হয় ৷ তেওঁ 1998 চনত গাজিয়াবাদত 3.5 লাখ টকাৰে এক সম্পত্তি ক্ৰয় কৰিছিল আনহাতে 2015 চনত ইয়াৰ আনুমানিক বজাৰ মূল্য 55 লাখ টকা হয়গৈ ৷ কিন্তু বৰ্তমান 2020 চনত ইয়াৰ মূল্য দুগুণ বৃদ্ধি হৈ 1.4 কোটি টকা হৈছে ৷

কেজৰিৱালে কয় যে তেওঁৰ পত্নী সুনীতাই 2010 চনত গুৰুগ্ৰামত 61 লাখ টকাৰে এটা আৱাসিক সম্পত্তি ক্ৰয় কৰিছিল ৷ 2015 চনত ইয়াৰ বজাৰ মূল্য 1 কোটি টকা হৈছিলগৈ ৷

আৰু পঢ়কঃঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

ABOUT THE AUTHOR

...view details