নিউজ ডেস্ক, 21 অক্টোবৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে বাল্মীকি সম্প্ৰদায়ৰ সদস্য সকলক সাক্ষাৎ কৰে ৷ যিসকলে হাথৰছ কাণ্ডৰ বিৰোধিতাৰ বাবে গাজিবাদলৈ গৈ আন্দোলন অব্যাহত ৰাখিছিল ৷ সদস্য সকলক সাক্ষাৎ কৰাৰ পিচতে আপৰ নেতা সঞ্জয় সিঙে কেজৰিৱালৰ ছবি টুইটাৰত শ্বেয়াৰ কৰিছে ৷
সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত সিঙে কয় যে, সামাজিকভাৱে পিচপৰা বাল্মীকি সম্প্ৰদায়ৰ লোকসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে । ইফালে, মুখ্যমন্ত্ৰী কেজৰিৱালে স্থানীয় লোকসকলক আশ্ৰয় দি কয় যে, তেওঁ কাৰেৰা গাঁৱলৈ আহিব আৰু তেওঁ ব্যক্তিগতভাৱে সমাজৰ প্ৰতিজন লোকক সাক্ষাৎ কৰিব ৷