নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : কাশ্মীৰৰ চেম্বাৰ অৱ কমাৰ্ছ আৰু ইণ্ড্ৰাষ্টিয়ে সতৰ্কবাণী প্ৰেৰণ কৰিছে যে, লকডাউনৰ ফলত অঞ্চলটোৰ পূৰ্বৰে দুৰ্বল অৰ্থনীতি আৰু বেয়াকৈ প্ৰবাৱান্বিত হৈছে ৷ উল্লেখ্য যে, কাশ্মীৰৰ অথনীতি বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰশীল ৷ 24 মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ ফলত সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈ পৰিছে কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰ ৷ কাশ্মীৰত পৰ্যটকসকলৰ মাজত বহু জনপ্ৰিয় ওপঙি ফুৰা ঘৰসমূহ ডাল হ্ৰদত এনেদৰেই পৰি ৰোৱা পৰিলক্ষিত হৈছে ৷ এই নাওঁবোৰৰ গৰাকীসকলে মাছ মাৰি ব্যস্ত হৈ থকা দেখা গৈছে ৷
যোৱা বছৰ ডিচেম্বৰত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, কাশ্মীৰৰ অৰ্থনীতিত সংকট সৃষ্টি হোৱাৰ মূলতে যোগাযোগ ব্যৱস্থা, ইন্টাৰনেট বন্ধ আৰু বহু সৈনিক মোতায়েন কৰা বুলি চেম্বাৰে মন্তব্য কৰিছিল ৷