নেশ্যনেল ডেস্ক, 1 জুলাই : কাশ্মীৰৰ ছোপিয়ান জিলাত দূৰ্ঘটনাত পতিত হৈ বুকুৰ বিষত আক্ৰান্ত হোৱা এজন 24 বৰ্ষীয় আইনৰ ছাত্ৰ শ্ৰীনগৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈছিল ৷ ইয়াৰ পাচতে যুৱকজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পেলাই চিকিৎসকে ৷ ইয়াৰ পাচতে কাশ্মীৰৰ হাস্পতালসমূহত COVID-19 চিকিৎসাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷
কাশ্মীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আইনৰ অধ্যয়ন কৰি থকা ছোপিয়ানৰ যুৱকজনৰ শনিবাৰে পাম্পোৰেত এক পথ দুৰ্ঘটনা হয় ৷ এই দূৰ্ঘটনাত তেওঁৰ খুড়াকে প্ৰাণ হেৰুওৱাৰ লগতে তেওঁ পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, তেওঁক SMHS হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ হাস্পতালৰ চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, আইচিইউতে তেওঁৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে আৰু Chest Disease (CD) হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ইয়াতে হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয় ৷
কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এয়া জম্মু-কাশ্মীৰৰ 100 সংখ্যক ঘটনা ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰাত জম্মু-কাশ্মীৰৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনিৰ প্ৰকৃত ৰূপ প্ৰকাশ পাইছে ৷