অসম

assam

ETV Bharat / bharat

ৰাজস্থানত কোৱাৰান্টাইনত থকা কাশ্মীৰি ছাত্ৰৰ কোভিড-19 ৰ পৰা অসুৰক্ষিত অনুভৱ - ৰাজস্থানত কাশ্মীৰি ছাত্ৰ

ৰাজস্থান চৰকাৰে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ জয়ছেলমিৰ কোৱাৰান্টাইন কেম্পত 170 গৰাকী কাশ্মীৰৰ লোক আছে, য'ত 100 গৰাকী ইৰাণত অধ্যয়নৰত ছাত্ৰ ।

ৰাজস্থানত কোৱান্টাৰাইনত থকা কাশ্মীৰি ছাত্ৰৰ কোভিড-19 ৰ পৰা অসুৰক্ষিত অনুভৱ

By

Published : Apr 4, 2020, 12:14 PM IST

নিউজ ডেস্ক,4 এপ্ৰিলঃ ইৰাণৰ পৰা উদ্ধাৰ কৰি আনি ৰাজস্থানৰ জয়ছেলমিৰত কোৱাৰান্টাইন কৰা কাশ্মীৰৰ ছাত্ৰসকলে কোভিড-19 ৰ পৰা অসুৰক্ষিত অনুভৱ কৰিছে । বিষয়া সকলৰ উদাসীনতাৰ বাবেই এই অনুভৱ ছাত্ৰ সকলৰ ।

আনচাব নবী নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী এগৰাকীয়ে প্ৰকাশ কৰা অনুসৰী তেওঁলোকক 14 দিনৰ বাবে কোৱাৰেন্টাইন কৰা হৈছিল । কিন্তু প্ৰায় 20 দিন উকলি যোৱাৰ পিচতো কোনো বিষয়াই তেওঁলোকক কোনো কথা অৱগত কৰা নাই । সেয়ে কোৱৰেন্টাই দিন বোৰ আইছলেচনৰ দৰে অনুভৱ হয় বুলি ব্যক্ত কৰে ছাত্ৰী গৰাকীয়ে ।

তেওঁ বিশ্বাস কৰিছে যে, অনিশ্চয়তা এইকাৰনেই আছে যে, তাত কোৱাৰেন্টাইনত থকা কোনো লোককে পৃথকে পৃথকে থাকিবলৈ দিয়া নাই ।

"ইয়াত কেৱল আমি ছাত্ৰ সকলেই নাই, ইৰাণলৈ যোৱা তীৰ্থযাত্ৰীও আছে, তেওঁলোকৰ একাংশৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে "- ইটিভি ভাৰতৰ সৈতে হোৱা টেলিফ'নিক কথা বাৰ্তাত এইদৰে কয় ছাত্ৰী গৰাকীয়ে ।

ছাত্ৰীগৰাকীয়ে লগতে কয়, উক্ত স্থানত খোৱাৰ কাৰণে এটাই উমৈহতীয় স্থান আছে আৰু দুটাহে স্নানাগাৰ আছে । তেওঁলোকৰ ব্লকত ডাঙৰ ঘৰ এটাৰ 20 জন লোক আছে । তেওঁ অৱগত কৰা অনুসৰি ৰাজস্থানৰ জয়ছেলমিৰ আৰু যোধপুৰত 250 ৰো অধিক কাশ্মীৰি ছাত্ৰ আছে ।

ৰাজস্থান চৰকাৰে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ জয়ছেলমিৰ কোৱাৰেন্টাইন কেম্পত 170 গৰাকী কাশ্মীৰি আছে, য'ত 100 গৰাকী ইৰাণত অধ্যয়নৰত ছাত্ৰ ।

ইৰাণত কোভিড-19 য়ে ভয়াবহ ৰূপ লৈছে । তাত 3000 ৰ অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে । সেয়ে ভাৰত চৰকাৰে ইৰাণত থকা 300 লোকক 14 তাৰিখে ভাৰতলৈ আহে ।

তেওঁলোকক দিল্লীৰ পৰা জয়ছেলমিৰলৈ লৈ অহা হয় আৰু তাত কোৱাৰেন্টাইন কৰা হয় । কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেওঁলোকক তীৰ্থ যাত্ৰী সকলৰ সৈতে একেলগে ৰাখে । তীৰ্থযাত্ৰী সকল যিহেতু বহুত ভিৰৰ পৰা আহে সেয়ে তেওঁলোকৰ পৰা ৰোগ সংক্ৰমণৰ অধিক আশংকা থাকে । সেয়ে ছাত্ৰসকলক সুকীয়াকৈ ৰাখিবলৈ প্ৰশাসনক আহ্বান জনাইছে । এইদৰে আন এগৰাকী ছাত্ৰীয়ে ইটি ভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

ইটি ভি ভাৰতৰ সাংবাদিকে জম্মু- কাশ্মীৰ প্ৰশাসনৰ সৈতে কথা পাতি এই সম্পৰ্কে অৱগত কৰে যদিও সম্পূৰ্ণ দেশতে চলা লক ডাউনৰ লগতে আন্তঃ ৰাজ্যিক যাতায়ত বাতিল হৈ থকা বাবে তেওঁলোকক কাশ্মীৰলৈ পত্যাৱৰ্তন কৰোৱাত পলম হোৱা বুলি জনাই ।

ABOUT THE AUTHOR

...view details