অসম

assam

By

Published : Feb 7, 2020, 2:02 AM IST

Updated : Feb 7, 2020, 4:46 AM IST

ETV Bharat / bharat

মুকলি আকাশৰ তলত আহিও বিবুদ্ধিত পৰিছে কাশ্মীৰি নেতা

শ্ৰীনগৰৰ মূলধাৰাৰ আটকাধীন ৰাজনৈতিক নেতা সকলৰ মুক্তিৰ পাচতো পুনৰ ৰাজনৈতিক ক্ৰিয়া-কলাপৰ ক্ষেত্ৰত আঞ্চলিক দলসমূহৰ আশ-প্ৰত্যাশা এতিয়া বহু দূৰত ৷

Kashmiri politicians in dilemma after release from detention

নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰীঃ শ্ৰীনগৰৰ তিনিওগৰাকী নেতাক জম্মু-কাশ্মীৰ প্ৰশাসনে মুকলি কৰি দিয়া পাচতো আঞ্চলিক ৰাজনৈতিক দল সমূহৰ বাবে পুনৰ ৰাজনৈতিক ক্ৰিয়া কলাপৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

বুধবাৰে পিপুলছ কনফাৰেন্স পাৰ্টীৰ প্ৰধান চাজ্জাদ ল'ন আৰু পিডিপিৰ ৱাহিদ পাৰাক মুকলি কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ এওঁলোকক দীৰ্ঘদিন ধৰি গৃহবন্দী কৰি ৰখা হৈছিল ৷

ইপিনে তিনি প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুখ আব্দুল্লা, উমৰ আব্দুল্লা আৰু মেহবুবা মুফ্তিকে ধৰি অন্যান্য বহু বিশিষ্ট ৰাজনৈতিক বিদক যোৱা 5 আগষ্টৰ পৰা বন্দী কৰি ৰখা হৈছে ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পাচৰে পৰা গৃহবন্দী কৰা হৈছে স্থানীয় নেতাসকলক ৷

জম্মু-কাশ্মীৰ প্ৰশাসনে বৃহস্পতিবাৰে মুকলি কৰি দিয়ে তিনিগৰাকীকৈ কাশ্মীৰী নেতাক ৷ য়াৱাৰ মীৰ, নুৰ মহম্মদ আৰু চোৱেইব ল'ন নামৰ তিনিওগৰাকী নেতাকে সহযোগিতামুলক কৰ্মসূচীৰ অধীনত মুকলি কৰি দিয়ে প্ৰশাসনে ৷ মুক্তিৰ দাবীত কৰ্তৃপক্ষৰ সৈতে কোনো ধৰণৰ চুক্তি বা চৰ্তৰ কথা অস্বীকাৰ কৰে তিনি নেতাই ৷ লগতে কয়, অন্যান্য গৃহবন্দী কৰি ৰখা সকলোকো মুকলিৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তিনিগৰাকীৰ মুকলিক লৈ এতিয়া ষ্পষ্ট হোৱা নাই ৷

উল্লেখ্য যে, অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পাচতেই পৰিস্থিতি সামান্য হ’লে জম্ম-কাশ্মীৰক সাৰ্বভোম ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হ’ব বুলি সংসদত উল্লেখ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে ৷ গতিকে বৰ্তমান সময়ত এইটো এটা সুন্দৰ দাবী হ’ব পাৰে ৷

দুৰ্ভাগ্যজনক কথা এই যে, কাশ্মীৰত কেতিয়াও কোনো মুখ্য ৰাজনৈতিক দলে নিৰ্বাচনত বিকাশ, স্বাস্থ্য সেৱা, শিক্ষা, পৰ্যটন, ব্যৱসায় আদিৰ কথা কোৱা নাই ৷ ইপিনে স্থানীয় দলসমূহে সদায় ‘আজাদী’ শ্ল’গান দিয়াৰ লগতে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা আৰু জম্মু-কাশ্মীৰক ভাৰত আৰু পাকিস্তানৰ মাজত বাণিজ্য ক্ষেত্ৰত স্থাপিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা কৈছে ৷

এতিয়া আঞ্চলিক দলৰ সমূহৰ বাবে জনসাধাৰণক বুজাবলৈ কঠিন হৈ পৰিছে যে ক্ষমতাত আহাৰ লগে-লগে পুনৰ 370 অনুচ্ছেদ পুনৰ কাৰ্যকৰী কৰিব পৰা যাব ৷ বৰ্তমান সময়ত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দল সমূহৰ মাজত পাৰ্থক্য ইমানে সংকুচিত হৈ পৰিছে যে ভৱিষ্যতে ভোটাৰৰ সকলৰ কল্পনাৰ পৰা বহু দূৰ হৈ ৰৈছে কাশ্মীৰৰ ৰাজনৈতিকবিদ সকল ৷

Last Updated : Feb 7, 2020, 4:46 AM IST

ABOUT THE AUTHOR

...view details