নেশ্বনেল ডেস্ক, 9 জানুৱাৰীঃঅহা বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰে'ল যোগাযোগ ব্যৱস্থাৰে সংযুক্ত হ'ব কাশ্মীৰ ৷ ইতিমধ্যে ভাৰত চৰকাৰে পৃথিৱীৰ আটাইতকৈ ওখ ৰে'লৱে পুলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰিছে ৷ যিটো আইফেল টাৱাৰতকৈও 35 মিটাৰ বেছি ওখ হ'ব ৷
'এইটো ভাৰতীয় ৰে'লৱেৰ 150 বছৰীয়া ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানমূলক প্ৰকল্প ৷ এই দলঙে কাশ্মীৰক ভাৰতৰ অন্যান্য অংশ সমূহৰ লগত সংযোগ কৰিব ৷' সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে, কোংকাণ ৰে'লৱেৰ চেয়াৰমেন সঞ্জয় গুপ্তাই ৷
উধমপুৰ-শ্ৰীনগৰৃ-বড়মুল্লা ৰে'ল সংযোগ প্ৰকল্পৰ অংশ কাটৰা আৰু বানহালৰ মাজত 111 কি.মি দৈৰ্ঘৰ এই সেতুৱে এক গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰিছে ৷ এই প্ৰকল্পটো সম্পূৰ্ণ হ'লে চীনৰ বেইপান নদীৰ শ্বুইবাই ৰে'লৱে ব্ৰীজৰ (275 মি.) ৰেকৰ্ড ভংগ কৰিব ৷