নিউজ ডেস্ক, 7 মাৰ্চঃ বিশ্বব্যাপী ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ভাৰতবৰ্ষটো ৷ শনিবাৰে কাশ্মীৰত দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ দুয়োজন ব্যক্তিয়ে দক্ষিণ কোৰিয়াৰ পৰা জম্মুলৈ আহিছিল ৷ অৱশ্য়ে স্বাস্থ্য বিভাগে আনুষ্ঠানিকভাৱে এই সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰা নাই ৷
কাশ্মীৰ পালেহি কৰ'ণা ভাইৰাছ - কৰ'ণা ভাইৰাছ
কাশ্মীৰত দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছ ৷ দুয়োজন ব্যক্তিয়ে বিদেশৰ পৰা জম্মুলৈ আহিছিল ৷ একেদৰে তেলেংগণাতো কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে এজন লোক ৷
কাশ্মীৰ পালেহি কৰ'ণা ভাইৰাছ
ইপিনে, তেলেংগণাত কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্তক চিকেণ্ডাৰাবাদ স্থিত গান্ধী হস্পাতালত ভৰ্তি কৰোৱা হৈছে ৷ উল্লখ্য যে, ভাৰতত শুকুৰবাৰলৈ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 31 জন হৈছিল ৷
লগতে পঢ়কঃ দৰঙৰ পৰা কানাডালৈ বিশ্বমুখী যাত্ৰা কৰা মহিলাগৰাকী