নিউজ ডেস্ক, 27 আগষ্টঃ বহু অপেক্ষাৰ অন্তত মঙলবাৰৰ পৰা জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ হয় বিমান টিকট পঞ্জীয়ন সেৱা ৷ শ্ৰীনগৰ জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰীনগৰ চহৰস্থিত পৰ্যটক আদৰণি কেন্দ্ৰত পুনৰাই মুকলি কৰা হয় এই সেৱা ৷ জম্মু-কাশ্মীৰ পৰ্যটন বিভাগ আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত ইতিমধ্যে বিভিন্ন অসামৰিক বিমান পৰিবহনকাৰী সংস্থাৰ টিকট পঞ্জীয়ন কেন্দ্ৰসমূহ পুনৰাই আৰম্ভ কৰা হয় ৷
জম্মু-কাশ্মীৰত আৰম্ভ বিমান টিকট পঞ্জীয়ন সেৱা জম্মু-কাশ্মীৰ পৰ্যটন বিভাগৰ নিৰ্দেশক নাছিৰ আহমদ ৱানীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "বিগত কিছুদিন ধৰি যাত্ৰীসকলে বিমানৰ টিকট পঞ্জীয়ন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল ৷ ইয়াৰ বাবে স্থানীয় প্ৰশাসনে ৰাইজৰ সুবিধাৰ্থে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷"
বৰ্তমানে কেন্দ্ৰটোত ছটাকৈ পঞ্জীয়ন কক্ষ মুকলি কৰা হৈছে আৰু সকলোকেইটা কক্ষতে ভাৰতৰ বিভিন্ন স্থানলৈ টিকট পঞ্জীয়ন কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যাত্ৰীসকলে ৷ ধনৰ লেন-দেন নগদ প্ৰক্ৰিয়াৰে সম্পন্ন কৰিব লাগিব যাত্ৰীসকলে ৷ অৱশ্যে কিছুদিনৰ ভিতৰতে অন্যান্য লেন-দেন সেৱাসমূহো আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে নিৰ্দেশকগৰাকীয়ে ৷
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰাৰ পৰৱৰ্তী সময়ত বন্ধ হৈ আছিল যোগাযোগৰ সকলোধৰণৰ সেৱা ৷ শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱালৈ লক্ষ্য ৰাখি জীৱন-যাত্ৰাৰ প্ৰাথমিক সেৱাখিনি মুকলি কৰি দিছে স্থানীয় প্ৰশাসনে ৷ আনহাতে মঙলবাৰে আৰম্ভ কৰা বিমান টিকট পঞ্জীয়ন সেৱাই যাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি বিভিন্নজনে প্ৰকাশ কৰিছে ৷