অসম

assam

ETV Bharat / bharat

15 আগষ্টৰ ভিতৰত কাশ্মীৰত 4জি ইন্টাৰনেট, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই - 4জি ইন্টাৰনেট সেৱা আৰু নেটৱৰ্ক সংযোগ

কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা দেশৰ এটৰ্ণি জেনেৰেল কেকে বেনুগোপালে উচ্চতম ন্যায়ালয়ত মঙলবাৰে এক প্ৰতিবেদন দাখিল কৰে ৷ প্ৰতিবেদনখনত কাশ্মীৰত 4জি ইন্টাৰনেট সেৱা আৰু নেটৱৰ্ক সংযোগ সন্দৰ্ভত এফিডেভিট দাখিল কৰে কেন্দ্ৰই ৷

15 আগষ্টৰ ভিতৰত কাশ্মীৰত 4জি ইন্টাৰনেট, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
15 আগষ্টৰ ভিতৰত কাশ্মীৰত 4জি ইন্টাৰনেট, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

By

Published : Aug 12, 2020, 4:13 AM IST

নিউজ ডেস্ক, 12 আগষ্ট :কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে উচ্চতম ন্যায়ালয়ক জনায় যে, জম্মুত এখন আৰু কাশ্মীৰত এখন জিলাত পৰীক্ষণমূলকভাৱে 4জি ইন্টাৰনেট সেৱা প্ৰদানৰ বাবে কমিটীয়ে চিন্তা চৰ্চা কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা দেশৰ এটৰ্ণি জেনেৰেল কেকে বেনুগোপালে উচ্চতম ন্যায়ালয়ত মঙলবাৰে এক প্ৰতিবেদন দাখিল কৰে ৷ প্ৰতিবেদনখনত কাশ্মীৰত 4জি ইন্টাৰনেট সেৱা আৰু নেটৱৰ্ক সংযোগ সন্দৰ্ভত এফিডেভিট দাখিল কৰে কেন্দ্ৰই ৷

বিগত 7 আগষ্টত উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰত 4জি ইন্টাৰনেট সেৱা সন্দৰ্ভত কেন্দ্ৰ আৰু জম্মু-কাশ্মীৰ প্ৰশাসনৰ পৰা নিৰ্দিষ্ট স্পষ্টীকৰণ বিচাৰিছিল ৷ সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত পৰৱৰ্তী বিলম্ব কৰিব নোৱাৰি বুলি উল্লেখ কৰিছিল ৷

এনভি ৰমন, আৰ সুভাস ৰেড্ডী আৰু বিআৰ গাভাইৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক প্ৰশ্ন কৰিছিল যে, গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তি কি ? কিছুসংখ্যক অঞ্চলত 4জি ইন্টাৰনেট আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাই নেকি ? ইয়াৰ বাহিৰে কিবা কৰিব পাৰি নেকি ?

ইয়াৰ প্ৰত্যুত্তৰত মেহতাই কৈছিল যে, এইবিষয়ে চোৱাচিতা কৰি থকা হৈছে ৷ তেওঁ জম্মু-কাশ্মীৰৰ লেফ. গৱৰ্নৰৰ বদলিৰ দিশটোক আঙুলিয়াই দি এই উত্তৰ প্ৰদান কৰে ৷ নিৰ্দেশনাৰ বাবে আমাক সময়ৰ প্ৰয়োজন হ'ব যাতে আমি ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব পাৰো ৷ মেহতাই এইদৰে কয় ৷

শীৰ্ষ আদালতে মেহতাক কয় যে, এই বিষয়ে কোনো পৰৱৰ্তী শুনানি প্ৰত্যাহাৰ কৰা নহ'ব আৰু পৰৱৰ্তী শুনানিত এটৰ্ণি জেনেৰেল উপস্থিত থকাৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰৰ স্পষ্ট স্থিতি জনাব লাগিব ৷

লগতে পঢ়কঃইছৰো চোৰাংচোৱা গোচৰ : বিজ্ঞানী নাম্বি নাৰায়ননক কেৰালা চৰকাৰে প্ৰদান কৰিলে 1.3 কোটি ক্ষতিপূৰণ

ABOUT THE AUTHOR

...view details